কৰিমগঞ্জ, 16 জানুৱাৰী : সমগ্ৰ দেশতে ইতিমধ্যে একেলগে আৰম্ভ হৈছে ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । বৰাক উপত্যকাৰ শিলচৰ, হাইলাকান্দিসহ সীমান্ত জিলা কৰিমগঞ্জতো ক’ৰণা প্ৰতিষেধক প্ৰদান কৰাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ যোগেদি ক’ৰণা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
কৰিমগঞ্জত ক‘ভিড-19 প্ৰতিষেধক প্ৰদানৰ সকলো প্ৰস্তুতি সম্পন্ন - COVID 19 VACCINE
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি মডেল চিকিৎসালয় আৰু কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ৰ টিকাকৰণ কেন্দ্ৰত প্ৰতিষেধক দিয়াৰ সকলো ব্যৱস্থা সম্পন্ন কৰাৰ কথা জানিবলৈ দিয়ে জিলা স্বাস্থ্য বিভাগে ।
![কৰিমগঞ্জত ক‘ভিড-19 প্ৰতিষেধক প্ৰদানৰ সকলো প্ৰস্তুতি সম্পন্ন COVID 19 VACCINE START PREPARATION AT KARIMGANJ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10260874-thumbnail-3x2-k.jpg)
কৰিমগঞ্জত সম্পূৰ্ণ ক‘ভিড 19 প্ৰতিষেধক প্ৰদানৰ সকলো প্ৰস্তুতি
কৰিমগঞ্জত সম্পূৰ্ণ ক‘ভিড 19 প্ৰতিষেধক প্ৰদানৰ সকলো প্ৰস্তুতি
কৰিমগঞ্জ স্বাস্থ্য বিভাগে শুকুৰবাৰে হৈ যোৱা এখন সংবাদমেলত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি মডেল চিকিৎসালয় আৰু কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ৰ টিকাকৰণ কেন্দ্ৰত প্ৰতিষেধক দিয়াৰ সকলো ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ প্ৰথম পৰ্যায়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক ক‘ৰণা প্ৰতিষেধক দিয়া হ’ব বুলি উল্লেখ কৰে । ইতিমধ্যে কৰিমগঞ্জ স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ৰ টিকাকৰণৰ বাবে ক’ভিড শ্বিল্ডৰ ৩,৩৪০ টা প্ৰতিষেধক লাভ কৰিছে ৷
লগতে পঢ়ক :সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত