অসম

assam

ETV Bharat / state

কৰিমগঞ্জত 3340 গৰাকী স্বাস্থ্য কৰ্মীয়ে লাভ কৰিলে ক'ভিড-19 প্ৰতিষেধক

কৰিমগঞ্জত আৰম্ভ হ'ল ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান ৷ জিলাখনত প্ৰথম পৰ্যায়ত 3340 গৰাকী স্বাস্থ্য কৰ্মীয়ে গ্ৰহণ কৰিব ক'ভিড প্ৰতিষেধক ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে আৰম্ভ হয় প্ৰতিষেধক প্ৰদান অভিযান ৷

covid 19 vaccination starts in patharkandi
covid 19 vaccination starts in patharkandi

By

Published : Jan 16, 2021, 6:11 PM IST

কৰিমগঞ্জ,16 জানুৱাৰী:দেশৰ অন্য প্ৰান্তৰ লগতে শনিবাৰে কৰিমগঞ্জ জিলাত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হয় ৷ জিলা উপায়ুক্ত তথা অন্যান্য সংশ্লিষ্ট বিষয়ববীয়াসকলৰ উপস্থিতিত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অনুপ দৈত্যাৰীক প্ৰথমে প্ৰতিষেধক প্ৰদান কৰাৰ পাছতে জিলাখনত প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হয় ৷

জিলাখনত প্ৰথম পৰ্যায়ত 3340 গৰাকী স্বাস্থ্য কৰ্মীয়ে গ্ৰহণ কৰিব ক'ভিড প্ৰতিষেধক

জানিব পৰা মতে, প্ৰথম পৰ্যায়ত জিলাখনত মুঠ 3340 গৰাকী স্বাস্থ্য কৰ্মীক জিলা সদৰ অসামৰিক চিকিৎসালয় আৰু পাথাৰকান্দি মডেল স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ শনিবাৰৰ দিনটোত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত 100 গৰাকী স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

স্বাস্থ্যকৰ্মীসকলে জানিবলৈ দিয়া মতে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ব্যক্তিসকলে আধা ঘন্টা সময় জিৰণি ল'ব লাগিব ৷ জানিব পৰা মতে পাথাৰকান্দি চিকিৎসালয়ত প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে এগৰাকী নাৰ্চ কিছু সময়ৰ বাবে অচেতন হৈ পৰে ৷ অৱশ্যে প্ৰায় আধা ঘন্টা পাছত তেওঁ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ৷ অধিক চিন্তাৰ ফলতে নাৰ্চগৰাকী এনেদৰে অচেতন হৈ পৰে বুলি পাথাৰকান্দি স্বাস্থ্য কেন্দ্ৰৰ মুখ্য চিকিৎসক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰথমে গ্ৰহণ কৰিলে ক‘ভিড-19ৰ ভেকচিন

ABOUT THE AUTHOR

...view details