কৰিমগঞ্জ, 22 জুলাই : ৰাজ্যত পুনৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এগৰাকী ৰোগীৰ ৷ এইবাৰ মৃত্যু হয় কৰিমগঞ্জ জিলাৰ এগৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ ৷ মৃত্যু হোৱা লোকজন জিলাখনৰ ৰেল চহৰ বদৰপুৰত সামিম আহমেদ নামৰ এগৰাকী শিক্ষক বুলি জানিব পৰা গৈছে ৷ শ্ৰীগৌৰি হাস্পতালে প্ৰকাশ কৰা অনুসৰি, মৃত সামিম আহমেদ যোৱা কেবাদিন ধৰি বেলেগ ৰোগৰ বাবে শিলচৰ মেডিকেলত ভৰ্তি আছিল তাৰ পাছতেই তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ অৱশেষত বুধবাৰে তেওঁৰ মৃত্যু হয় । আনফালে বুধবাৰে বদৰপুৰত 9 জনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।
বদৰপুৰত কৰ'ণা আক্ৰান্ত শিক্ষকৰ মৃত্যু - সামিম আহমেদ নামৰ এগৰাকী শিক্ষক
ৰাজ্যত পুনৰ এগৰাকী কোভিড-19ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰত মৃত্যু হয় এগৰাকী শিক্ষকৰ ৷
বদৰপুৰত কৰ'ণা আক্ৰান্ত শিক্ষকৰ মৃত্যু