কৰিমগঞ্জ,21 জুলাই: কন্যা সন্তান জন্মৰ বাবে এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৷ ৰাজ্যখনত চাৰি দিন পূৰ্বে এটা দম্পতীৰ কন্যা সন্তান জন্ম হোৱা বাবে আঁকোৱালি লয় মৃত্যুক ৷ ঘটনাৰ বিৱৰণী অনুসৰি,ত্ৰিপুৰাৰ বিলোনিয়াৰ অন্তৰ্গত ৰাজনগৰ এলেকাৰ গোপাল দাস আৰু সুপ্ৰিয়া দাস নামৰ দম্পতীয়ে আত্মহত্যাৰ পথ বাচি লয় একমাত্ৰ কন্যা সন্তান জন্ম হোৱাৰ বাবে ৷
কন্যা সন্তান জন্ম হোৱাৰ বাবে আত্মহত্যা দম্পতীৰ
ত্ৰিপুৰাৰ বিলোনিয়াৰ অন্তৰ্গত ৰাজনগৰ এলেকাৰ গোপাল দাস আৰু সুপ্ৰিয়া দাস নামৰ দম্পতীয়ে আত্মহত্যাৰ পথ বাচি লয় একমাত্ৰ কন্যা সন্তান জন্ম হোৱাৰ বাবে ৷ সন্তানটি জন্মৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত অব্যাহত আছিল তীব্ৰ বাক-বিতণ্ডা । আৰু এই বাক-বিতণ্ডাই চূড়ান্ত পৰ্যায় গ্ৰহণ কৰাত দম্পতীটোৱে আত্মহত্যা কৰে ৷
কন্যা সন্তান জন্মৰ বাবে আত্মহত্যা দম্পতীৰ
সন্তানটি জন্মৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত অব্যাহত আছিল তীব্ৰ বাক-বিতণ্ডা । আৰু এই বাক-বিতণ্ডাই চূড়ান্ত পৰ্যায় গ্ৰহণ কৰাত দম্পতীটোৱে আত্মহত্যা কৰে ৷ প্ৰথমে গোপাল দাসে দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰাৰ পিছতে পত্নীয়ে বিষপান কৰি আত্মহত্যাৰ দৰে পথ বাচি লয় ৷ সম্প্ৰতি চাৰিদিনীয়া কন্যা সন্তানটি গোমতি জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
লগতে চাওকঃশীঘ্ৰেই মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ !