কৰিমগঞ্জ, ১৬ জুনঃ কৰিমগঞ্জৰ বদৰপুৰত ১০ হাজাৰ টকাৰ উৎকোচ নিদিলে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ নাপায় । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী স্থানীয় ৰাইজে । বদৰপুৰত প্ৰধান মন্ত্ৰী আবাস আঁচনিত এনে দুৰ্নীতিৰ অভিযোগ কৰিছে একাংশ স্থানীয় লোকে । অভিযোগ অনুসৰি বদৰপুৰ খণ্ড উন্নয়নৰ অধীনৰ দত্তপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বেন্দাৰগুল গাঁৱৰ এগৰাকী আৰ্থিকভাৱে দুৰ্বল আৰু বিধৱা মহিলা মনোৱাৰা বেগম নাম এই চৰকাৰী আবাস আঁচনিত অন্তৰ্ভুক্ত যদিও, দত্তপুৰ পঞ্চায়তৰ সভানেত্ৰী জুমা বেগমে তেওঁৰ পৰা গৃহ প্ৰদানৰ বাবদ বিচাৰিছে 10 হেজাৰ টকা উৎকোচ । অন্যথা তালিকাৰ হিতাধিকাৰী গৰাকীৰ নাম কৰ্তন কৰি দিব বুলিও ভাবুকি প্ৰদান কৰে ।
বদৰপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ - corruption on pmay in karimganj
বদৰপুৰত প্ৰধান মন্ত্ৰী আবাস আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে বদৰপুৰ খণ্ড উন্নয়নৰ অধীনৰ, দত্তপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী জুমা বেগমৰ বিৰুদ্ধ ।

বদৰপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ
অসহায় মহিলা গৰাকীয়ে উপায়ন্তৰ হৈ এই বিষয়ে মঙলবাৰে এখন লিখিত অভিযোগ দাখিল কৰে জিলা প্ৰশাসনক । কিন্তু সম্প্ৰতি স্থানীয় লোকে এক প্ৰশ্ন উত্থাপন কৰি কয় যে, বিজেপি ঘনিষ্ঠ সভানেত্ৰী জুমা বেগমৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিবনে ?
বদৰপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ