অসম

assam

কৰিমগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

By

Published : Sep 18, 2020, 12:10 PM IST

শুকুৰবাৰে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে সৰৱ হ'ল ৰাতাবাৰী সমষ্টিৰ পাঠাখাউৰি পঞ্চায়তৰ অন্তৰ্গত বাসিন্দা সকল ৷ ক্ষোভিত ৰাইজে পঞ্চায়তৰ সভাপতি ইছলাম উদ্দিন আৰু সচিব উজ্জ্বল চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন কৰিছে চতুৰ্দশ বিত্তীয় কমিছনৰ ধন আত্মসাতৰ অভিযোগ ৷

দুৰ্নীতিৰ অভিযোগ
দুৰ্নীতিৰ অভিযোগ

কৰিমগঞ্জ, 18 ছেপ্তেম্বৰ:ৰাতাবাৰী সমষ্টিৰ পাঠাখাউৰি পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে সভাপতি ইছলাম উদ্দিন আৰু সচিব উজ্জ্বল চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৷ দুয়োজন লোকৰ বিৰুদ্ধে ৰাইজে গ্ৰামোন্নয়ন বিভাগক অভিযোগ প্ৰদান কৰিছিল যদিও, বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে শুকুৰবাৰে তেওঁলোকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি ক্ষোভ উজাৰিলে স্থানীয় লোকে ৷

কৰিমগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details