কৰিমগঞ্জ, ২৪ জুলাইঃকৰিমগঞ্জত বৃহস্পতিবাৰে মৃত্যু হয় প্ৰথম গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ । কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ছামিম আহমেদ নামৰ ব্যক্তি গৰাকীৰ শুকুৰবাৰে ৰাতিপুৱা বদৰপুৰত সম্পূৰ্ণ কৰা হয় শেষকৃত্য।
কৰিমগঞ্জত শেষকৃত সম্পূৰ্ণ কৰ'ণা আক্ৰান্ত ব্যক্তিৰ - corona virus
শুকুৰবাৰে কৰিমগঞ্জত শেষকৃত্য সম্পন্ন কৰে কৰ'ণা আক্ৰান্ত ব্যক্তিৰ । মহামাৰী COVID-19ৰ সকলো নীতি-নিয়ম পালন কৰি শুকুৰবাৰে প্ৰশাসন আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পন্ন কৰে শেষকৃত ।
![কৰিমগঞ্জত শেষকৃত সম্পূৰ্ণ কৰ'ণা আক্ৰান্ত ব্যক্তিৰ কৰ'ণা ভাইৰাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12:20:39:1595573439-askxj801to803firstdeathcaseforcovid19atkarimganjvisulswapnajitnathkarimganj-24072020112245-2407f-1595569965-573.jpg)
কৰ'ণা ভাইৰাছ
মহামাৰী COVID-19ৰ সকলো নীতি-নিয়ম পালন কৰি শুকুৰবাৰে প্ৰশাসনে বদৰপুৰৰ কোনাপাৰা গাঁৱত পুৱাৰ ভাগত সম্পন্ন কৰে শেষকৃত্য । আনহাতে, শেষকৃত্যৰ সময়ত উপস্থিত থাকে পৰিয়ালৰ লোক,স্বাস্থ্যকৰ্মী,চক্ৰ বিষয়া দীপমালা গোয়ালা আৰু বদৰপুৰ আৰক্ষী প্ৰশাসন উপস্থিত থাকে ।
লগতে চাওকঃ সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ টিটি পদৰ পৰা অব্যাহতি লক্ষ্মণ চন্দ্ৰ দাসক