অসম

assam

By

Published : Jul 5, 2020, 3:54 PM IST

ETV Bharat / state

অসম ত্ৰিপুৰা সীমান্তত কৰ'ণাতংক

এগৰাকী ট্ৰাকচালক সহ বহিঃৰাজ্যৰ পৰা অহা দুগৰাকী ব্যক্তি COVID-19 পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত কৰ'ণাৰ আতংক বিয়পি পৰিছে সীমান্ত এলেকাত ।

corona terror at Assam tripura border
অসম ত্ৰিপুৰা সীমান্তত কৰ'ণাতংক

কৰিমগঞ্জ,5জুলাইঃ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত কৰ'ণাতংক ৷ অসমৰ সমান্তৰালভাৱে ত্ৰিপুৰটো কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

অসম ত্ৰিপুৰা সীমান্তত কৰ'ণাতংক

জানিব পৰা মতে, পূব চুৰাইবাৰী পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ বাসিন্দা সমৰেন্দ্ৰ তন্তুবাই বিগত 29 জুনত এখন ট্ৰাকত উঠি গুৱাহাটীৰ পৰা চুৰাইবাৰী লৈকে আহিছিল আৰু ত্ৰিপুৰাত তেওঁৰ নমুনা সংগ্ৰহ কৰাৰ পিছত শনিবাৰে তেওঁৰ ফলাফল পজিটিভ আহে । যিহেতু ইমানদিনে ব্যক্তিজন হোম কোৱাৰেন্টাইত আছিল, সেয়ে COVID-19 পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে । আনজন কৰ'ণাত আক্ৰান্ত ব্যক্তি হৈছে বহিঃৰাজ্যৰ চালক শ্যামসুন্দৰ শৰ্মা । বৰ্তমান কৰ'ণাত আক্ৰান্ত সকলৰ চিকিৎসা চলি আছে কুমাৰঘাট COVID হাস্পতালত ৷

লগতে পঢ়কঃমাৰ্ডাৰ ছবিৰ বিবাদ সন্দৰ্ভত ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ

ABOUT THE AUTHOR

...view details