অসম

assam

ETV Bharat / state

সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

সীমা বিবাদৰ বাবে আন্দোলন কৰা প্ৰতি গৰাকী লোক বাংলাদেশী । বিজেপিৰ এগৰাকী সভাপতিৰ এনে মন্তব্যই সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে ।

By

Published : Oct 22, 2020, 10:57 AM IST

মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য
মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

কৰিমগঞ্জ, 22 অক্টোবৰ : অসম মিজোৰামৰ সীমান্ত সমস্যাক কেন্দ্ৰ কৰি বিগত কেবাদিন ধৰি কাছাৰ আৰু কৰিমগঞ্জৰ মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে । কৰিমগঞ্জ প্ৰশাসনে বেৰিকেড লগাই লোয়াইৰপোৱা কানমুন ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়াৰ সমান্তৰালকৈ কাছাৰৰ লায়লাপুৰত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি একপ্ৰকাৰ মিজোৰামৰ সৈতে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি দিছে । এনে সময়তে এইবাৰ অসমৰ মাটি ৰক্ষাৰ বাবে আন্দোলন কৰা সকলক বাংলাদেশী বুলি আখ্যা দিয়ে মিজোৰাম বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । মিজোৰাম ৰাজ্যিক বিজেপিৰ সভাপতি ভানলালমুৱাকাৰ মতে এই লোক সকলৰ হেনো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কোনো অধিকাৰ নাই ।

সীমা সমস্যাৰ বাবে প্ৰতিবাদ কৰা সকলোৱে বাংলাদেশী : ভানলালমুৱাকা

ABOUT THE AUTHOR

...view details