কৰিমগঞ্জ,16 আগষ্টঃ কৰিমগঞ্জৰ দত্তপুৰত জাতীয় পতাকাৰ চৰম অৱমাননা কৰা পৰিলক্ষিত হৈছে। কচুয়াদাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীন দত্তপুৰ চাব চেন্টাৰত শনিবাৰে অথাৎ 15 আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ বাবে জাতীয় পতাকা উত্তোলন কৰে ইয়াৰ কৰ্মচাৰী সকলে ৷ কিন্তু পৰিতাপৰ কথা এয়ে যে, তেওঁলোকে পতাকাখন উত্তোলন কৰিলে যদিও সোমবাৰ পৰ্যন্ত অৱনমিত কৰিবলৈ সময় নহ'ল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলৰ ৷ ফলত জাতীয় পতাকা খন ১৬ আগষ্ট পৰ্যন্ত অৰ্থাৎ দেওবাৰলৈকে ওলমি আছে ।
সোমবাৰ পৰ্যন্ত জাতীয় পতাকা অৱনমিত নহ'ল এটা চৰকাৰী কাৰ্যালয়ত - জাতীয় পতাকাৰ চৰম অৱমাননা
কৰিমগঞ্জৰ দত্তপুৰত দেওবাৰে অৰ্থাৎ 16 আগষ্টৰ দিনাও ওলমি থাকিল জাতীয় পতাকা ৷ সূৰ্যাস্তৰ সময়ত জাতীয় পতাকা অৱনমিত কৰাৰ নিয়ম সম্পূৰ্ণৰূপে নস্যাৎ হয় কৰিমগঞ্জৰ দত্তপুৰত ৷
![সোমবাৰ পৰ্যন্ত জাতীয় পতাকা অৱনমিত নহ'ল এটা চৰকাৰী কাৰ্যালয়ত Contempt for the national flag at Karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8440736-thumbnail-3x2-a.jpg)
কৰিমগঞ্জৰ দত্তপুৰত জাতীয় পতাকাৰ অৱমাননা
কৰিমগঞ্জৰ দত্তপুৰত জাতীয় পতাকাৰ অৱমাননা
দেওবাৰে স্থানীয় ৰাইজৰ চকুত পৰে জাতীয় পতাকাখন ওলমি থকাৰ দৃশ্য । ৰাইজৰ অভিযোগ এই চাব চেন্টাটো প্ৰায়েই বন্ধ থাকে, কিন্তু স্বাধীনতাৰ দিৱসৰ বাবে আহি জাতীয় পতাকা উত্তোলন কৰি অৱনমিত কৰিবলৈ পাহৰি জাতীয় পতাকা খনৰ চৰম অৱমাননা কৰিলে চাব চেণ্টাৰৰ কৰ্মচাৰীসকলে ৷ এই ঘটনাৰ পাছতেই এই সকল কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কৰিমগঞ্জৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছেস্থানীয় ৰাইজে ৷