অসম

assam

ETV Bharat / state

গ্ৰাহকলৈ বটল দলিয়ালে অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীয়ে

বৃহস্পতিবাৰে কৰিমগঞ্জৰ লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত এক আজৱ কাণ্ড সংঘটিত হৈছে ৷ বেংকটোৰ এজন কৰ্মচাৰীয়ে গ্ৰাহকলৈ বটল দলিওৱাক কেন্দ্ৰ কৰি উত্তপ্ত হয় পৰিস্থিতি ৷ কিছুদিনৰ পৰা উক্ত শাখাটোৰ কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷

By

Published : Nov 15, 2019, 10:52 AM IST

Updated : Nov 15, 2019, 11:19 AM IST

কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকক দুৰ্ব্যৱহাৰ: উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ, 15 নৱেম্ৱৰ: বৃহস্পতিবাৰে কৰিমগঞ্জৰ লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত এক আজৱ কাণ্ড সংঘটিত হৈছে । বেংকটোৰ এজন কৰ্মচাৰীয়ে গ্ৰাহকৰ শৰীৰলৈ বটল দলিওৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । এই ঘটনা সংঘটিত হোৱাৰ পিছত গ্ৰাহক আৰু বেংক কৰ্মচাৰীৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় । বিগত কিছুদিনৰ পৰা উক্ত শাখাটোৰ কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ গ্ৰাহকে জমা ধন উলিয়াবলৈ গৈ প্ৰায়ে হাৰাশাস্তিৰ সম্মুখীন হ’বলগীয়া হয় বুলি জানিব পৰা গৈছে ৷

গ্ৰাহকলৈ বটল দলিয়ালে অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীয়ে

কিন্তু বৃহস্পতিবাৰে বেংকটোৰ হিচাপ পৰীক্ষক গৰাকীৰ হাতত নিগৃহীত হয় এজন গ্ৰাহক । ঘটনাৰ বিৱৰণী অনুসৰি, স্থানীয় গৌৰীশংকৰ চক্ৰৱৰ্তী নামৰ শিক্ষকজনে জমাধনৰ পৰা কিছু অংশ উক্ত বেংকৰ পৰা উলিয়াবলৈ গৈছিল । পিছত বেংকটোৰ হিচাপ পৰীক্ষক অজয় দাসৰ লগত গ্ৰাহকজনৰ কিবা কাৰণত মতানৈক্য ঘটি কাজিয়াৰ সূত্ৰপাত হয় । কাজিয়াক কেন্দ্ৰ কৰিয়ে অজয় দাসে গ্ৰাহকজনৰ ফালে এটা বটল মাৰি নিক্ষেপ কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে । লগতে ৰডেৰে প্ৰহাৰ কৰিবৰ বাবে বেংককৰ্মীজনে উদ্যত হোৱা বুলিও ভুক্তভোগী গ্ৰাহকজনে অভিযোগ উত্থাপন কৰে ৷

কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকক দুৰ্ব্যৱহাৰ: উত্তপ্ত পৰিস্থিতি

পিছত ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজ গোট খোৱাত সুযোগ বুজি কৰ্মচাৰীজন পলাই সাৰিবলৈ সক্ষম হয় ৷ প্ৰায়ে বেংকটোত ঘটি থকা এনে কাৰ্যক গৰিহণা দিছে স্থানীয় ৰাইজে ৷

লগতে চাওক:হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা বহলপুৰৰ গংগাধৰ ৰায়ৰ

Last Updated : Nov 15, 2019, 11:19 AM IST

ABOUT THE AUTHOR

...view details