কৰিমগঞ্জ,25 ছেপ্তেম্বৰ:দুদিনীয় ভ্ৰমণসূচীৰে শুকুৰবাৰে বৰাক উপত্যকাত উপস্থিত হৈছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু কৰিমগঞ্জত মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ পাছতেই কৰিমগঞ্জৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে ৷ পাথাৰকান্দি বাইপাছ চাৰিআলিত কংগ্ৰেছ কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে ৰাতাবাৰীৰ আনিপুৰত যুৱ কংগ্ৰেছ আৰু আমছুয়ে দাহ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি ৷ ইয়াৰ মাজতেই পাথাৰকান্দিৰ পৰা আৰক্ষীয়ে আটক কৰিলে প্ৰাক্তন সংসদীয় সচিব মনিলাল গোয়ালাকে ধৰি কেইবাজনো কংগ্ৰেছ কৰ্মীক ৷
বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
বিগত দিনত কৰিমগঞ্জত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আচনিৰ ৰূপায়ন কৰাৰ কথা কৈছিল যদিও কাৰ্যত সেইয়া হৈ নুঠাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি, হিমন্ত বিশ্ব শৰ্মা গ' বেক ধ্বনিৰে পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ বিগত দিনত কৰিমগঞ্জত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আচনিৰ ৰূপায়ন কৰাৰ কথা কৈছিল যদিও কাৰ্যত সেইয়া হৈ নুঠাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ উল্লেখ্য যে, কাছাৰ চেনি কল, 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন, কৰিমগঞ্জত মেডিকেল কলেজ স্থাপন, পথৰ উন্নয়ন আদিকে ধৰি বিভিন্ন আঁচনিৰ আশ্বাস দিছিল মন্ত্ৰী গৰাকীয়ে ৷ কিন্তু সেই প্ৰতিশ্ৰুতি সমুহে বাস্তৱ ৰূপ নোলোৱাত মন্ত্ৰী গৰাকীক মিছলীয়া আখ্যা দি ক্ষোভ উজাৰিলে কংগ্ৰেছ কৰ্মী সকলে ৷
TAGGED:
কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ