অসম

assam

By

Published : Mar 10, 2021, 10:36 PM IST

ETV Bharat / state

শচীন চাহুৰ নেতৃত্বত কংগ্ৰেছৰ বিশাল ৰেলী

পাথাৰকান্দি সমষ্টিত এইবাৰৰ কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থী শচীন চাহু উপস্থিত হৈ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে ৷ এক সুত্ৰই সদৰী কৰা মতে এইবাৰ এই সমষ্টিটো মহাজোঁটে কংগ্ৰেছক এৰি দিয়াৰ সম্ভাৱনা আছে ৷

patharkandi-congress-candidate-ralley
শচীন সাহুৰ নেতৃত্বত পাথাৰকান্দিত কংগ্ৰেছৰ বিশাল ৰেলী

কৰিমগঞ্জ,10 মাৰ্চ:পাথাৰকান্দি সমষ্টিত এইবাৰৰ কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থী শচীন চাহুৱে সমষ্টিত উপস্থিত হৈয়ে এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে ৷ এটা সময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল পাথাৰকান্দি সমষ্টি । কিন্তু 2016 চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটো বিজেপিৰ দখললৈ যায় ৷

এক সুত্ৰই সদৰী কৰা মতে এইবাৰ এই সমষ্টিটো মহাজোঁটে কংগ্ৰেছক এৰি দিয়াৰ সম্ভাৱনা আছে ৷ মহাজোঁটে যদিও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই তথাপিও কংগ্ৰেছৰ পৰা শচীন চাহুৱে পাথাৰকান্দি সমষ্টিত টিকট পোৱাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

শচীন সাহুৰ নেতৃত্বত পাথাৰকান্দিত কংগ্ৰেছৰ বিশাল ৰেলী

প্ৰায় পাঁচ শতাধিক বাহনে অংশগ্ৰহণ কৰা এই ৰেলীত শচীন চাহুৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ৷ ৰেলীৰ সময়ত চাহুৱে কয়, আগন্তুক সময়ত সমষ্টিটোত কৰিবলগীয়া বহু কাম আছে ৷ বিধায়ক হ'লে এই কাম সমূহ সম্পূৰ্ণ কৰিব বুলিও আশ্বাস দিয়ে চাহুৱে ৷

লগতে পঢ়ক: এজেপিৰ প্ৰাৰ্থী নগেন ডেকাৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details