কৰিমগঞ্জ,8 অক্টোবৰঃ পাথাৰকান্দি ব্লক কংগ্ৰেছ আৰু লোৱাইৰপোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত চুঙা চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটি লোৱা যুৱতী গৰাকীলৈ ৷
আনহাতে যুৱতী গৰাকীলৈ শ্ৰদ্ধঞ্জলি জনাই উলিওৱা এই সমদলত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ কৰ্মকতা সকলে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায় ৷ ধৰ্ষণকাৰীক উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ পৰিৱৰ্তে ধৰ্ষণকাৰীৰ সমৰ্থনত মাত মতা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে সমদলত অংশ গ্ৰহণ কৰা কংগ্ৰছী কৰ্মী সকলে ৷