কৰিমগঞ্জ, 18 অক্টোবৰ : পাথাৰকান্দি সমষ্টিৰ মেদলিছৰা এলেকাত মিজো লোকে চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈছে পাথাৰকান্দি কংগ্ৰেছ। যুৱ কংগ্ৰেছৰ সম্পাদক শচীন ছাহুৰ নেতৃত্বত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীৰ দলে মেদলিছৰাৰ অসম মিজোৰাম সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে, জাতি-মাটি, ভেঁটি ৰক্ষাৰ কথা কোৱা চৰকাৰে অসমৰ মাটি মিজোৰামৰ দখলৰ পৰা মুক্ত কৰিবলৈ বিশেষ কোনো পদক্ষেপ হাতত ল'ব পৰা নাই আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ ৰাতাবাৰী সমষ্টিৰ ৰংপুৰৰ এলেকাৰ চেৰাগী সংৰক্ষিত বনাঞ্চল, মেদলিছৰা এলেকাত তিনি কিলোমিটাৰ মিজোৰ আগ্ৰাসনৰ দৰে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ।