কৰিমগঞ্জ, 30 ছেপ্টেম্বৰঃৰাতাবাড়ি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত অঘটন ৷ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘটিত হ’ল খণ্ডযুদ্ধ ৷ ৰিটাৰনিং অফিচাৰ কক্ষত ৫ জনতকৈ অধিক সমৰ্থক সোমোৱাৰ চেষ্টা কৰাকলৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত খণ্ডযুদ্ধ ৷ পৰৱৰ্তি সময়ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ হস্তক্ষেপত শান্ত হয় পৰিস্থিতি ৷ ৰাতাবাড়ি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজকে |
কৰিমগঞ্জত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থীৰ - কংগ্ৰেছ প্ৰাৰ্থী
কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত বিশৃংখলতা ৷ ৰাতাবাড়ি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত আৰক্ষী কংগ্ৰেছ কৰ্মীৰ মাজত খণ্ডযুদ্ধ ৷ আনহাতে বিজেপিৰ হুংকাৰ চাৰিটা সমষ্টিত শূণ্য হ’ব কংগ্ৰেছ ৷
![কৰিমগঞ্জত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4601107-43-4601107-1569845177824.jpg)
কৰিমগঞ্জত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থীৰ
কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
মনোনয়ন পত্ৰৰ দাখিল কৰাৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ লগতে উপস্থিত থাকে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, এপিচিচিৰ সাধাৰণ সম্পাদক, জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু বিভিন্ন সমৰ্থক ।
ইপিনে বিজেপিৰ হৈ বিজয় মালাকাৰেও সভাপতি ৰঞ্জীৎ দাস, সাংসদ দীলিপ শইকীয়া, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লাৰ আদি নেতা-সমৰ্থকক লগত লৈ দাখিল কৰে মনোনয়ন ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ এইবাৰো শূণ্য হ’ব বুলি উল্লেখ কৰে ৰঞ্জীৎ দাসে ৷
বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল