অসম

assam

By

Published : Jan 27, 2021, 7:37 AM IST

Updated : Jan 27, 2021, 9:25 AM IST

ETV Bharat / state

বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান

কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমেদৰ মৃত্যু ৷ হৃৎৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিধায়কগৰাকীয়ে ৷ তিনিবাৰকৈ বদৰপুৰৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল জামাল উদ্দিন আহমেদ ৷

jamaluddin ahmed
jamaluddin ahmed

কৰিমগঞ্জ, 27 জানুৱাৰী :বদৰপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান ৷ 26 জানুৱাৰীৰ নিশা হঠাৎ অসুস্থ হৈ পৰা বিধায়কগৰাকীক ভৰ্তি কৰোৱা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ নিৰ্দেশ দিয়ে ৷ কিন্তু শিলচৰলৈ নিয়াৰ যো-জা চলাওঁতেই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় বিধায়ক গৰাকীয়ে ৷

বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান

উল্লেখ্য য়ে, হৃৎৰোগত আক্ৰান্ত হোৱা বিধায়ক গৰাকীৰ তেজত ছুগাৰৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেই মৃত্যু হোৱা বুলি চিকিৎসকে জনাইছে ৷ মৃত্যুৰ সময়ত বিধায়কগৰাকীৰ বয়স আছিল 66 বছৰ ৷ ইহ সংসাৰত দুই পুত্ৰ আৰু তিনিগৰাকী কন্যাক এৰি গৈছে বিধায়ক জামাল উদ্দিন আহমেদে ৷ তিনিবাৰকৈ বদপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈছিল জামাল উদ্দিন আহমেদ ৷ 2001 চনত তৃণমূল কংগ্ৰেছৰ পৰা আৰু 2011, 2016 চনত কংগ্ৰেছ দলৰ পৰা অসম বিধানসভালৈ বিধায়ক নিৰ্বাচিত হৈছিল তেওঁ ৷

মঙলবাৰে নিজ সমষ্টিৰ বিভিন্ন ঠাইত চাৰিখনকৈ সভাত অংশ গ্ৰহণ কৰি নিশা প্ৰায় ৮টা বজাত ঘৰত উপস্থিত হৈছিল বিধায়ক গৰাকী । বুধবাৰে বিয়লি চাৰি বজাত বদৰপুৰ সমষ্টিৰ কালিগঞ্জ কোনাপাড়াস্থিত তেওঁৰ নিজ বাস ভৱনত শেষকৃত্য সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক :সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

Last Updated : Jan 27, 2021, 9:25 AM IST

ABOUT THE AUTHOR

...view details