অসম

assam

ETV Bharat / state

Constituency delimitation: বৰাকৰ বিজেপি বিধায়কৰ পদত্যাগ দাবী কমলাক্ষ্য দে’ পুৰকায়স্থৰ

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই ৷ এই খচৰা হিমন্ত বিশ্ব শৰ্মাই ঘৰতে বহি বনোৱা বুলি মন্তব্য বিধায়কগৰাকীৰ ৷

By

Published : Jun 21, 2023, 9:17 PM IST

Assam Constituency delimitation
Constituency delimitation

কমলাক্ষ্য দে’ পুৰকায়স্থৰ ক্ষোভ প্ৰকাশ

কৰিমগঞ্জ, 21 জুন: ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৷ এই খচৰা অনুসৰি অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ সংখ্যা একেই আছে যদিও কেতবোৰ সমষ্টিৰ সীমাৰ ব্যাপক পৰিৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বহুকেইটা বিধানসভা সমষ্টি বিলুপ্তি ঘটাই তাৰ স্থানত নতুন সমষ্টি সৃষ্টিৰ বাবেও প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷

নিৰ্বাচন আয়োগৰ এই খচৰা প্ৰকাশৰ পাচতে শাসক-বিৰোধী উভয় দলৰে নেতাসকলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ বিৰোধীয়ে এই খচৰাখন সম্পূৰ্ণভাৱে বিজেপিৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে প্ৰস্তুত কৰা বুলি দাবী কৰিছে ৷ একাংশ বিজেপি নেতাক সুৰক্ষা দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰা বুলি অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

বৰাক উপত্যকাতো এই খচৰাক লৈ ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷ বৰাক উপত্যকাৰ দুখন বিধানসভাৰ আসন কৰ্তনৰ প্ৰস্তাৱ লোৱাৰ সময়তে মৌন হৈ পৰিছে বিজেপি নেতাসকল । যাক লৈ ক্ষুব্ধ হৈ পৰা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই প্ৰশ্ন কৰিছে যে, বিজেপিৰ কাৰ্যালয় কেৱল মূৰ্তি স্থাপনৰ বাবে নেকি ?

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ?

খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, কোন স্থানৰ পৰা এজন নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া ডাঙৰ কথা নহয় যদিও বৰাক উপত্যকাৰ পৰা দুখন বিধানসভাৰ আসন কৰ্তনৰ সিদ্ধান্তৰ বিষয়টো কোনো প্ৰকাৰে মানি ল’ব নোৱাৰি ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ ঘৰত বহি সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া কৰিছে, নিৰ্বাচন আয়োগৰ ক’বলগীয়া একো নাই বুলি অভিযোগ তোলে বিধায়ক কমলাক্ষ্যই ।

উত্তৰ কৰিমগঞ্জৰ বিধায়কগৰাকীয়ে বৰাকৰ সৈতে এনে ব্যৱহাৰৰ প্ৰতিবাদত বিজেপি নেতাই সামূহিকভাৱে পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰে । তেওঁ লগতে কয় যে, সকলো ক্ষমতা ৰাইজৰ । এই ইতিহাস পাহৰিব নালাগে । নিৰ্বাচন আয়োগে নিৰ্দেশ জাৰি কৰিছে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে ।

খচৰা প্ৰস্তাৱ অনুসৰি বৰাকত অনুসূচিত জাতিৰ বাবে শিলচৰ লোকসভা সমষ্টি সংৰক্ষিত কৰা হৈছে । তাত নতুন বিধানসভা সমষ্টি সংযোজনৰ সিদ্ধান্ত লোৱা হৈছে । সেই বিধানসভা সমষ্টিসমূহ হ'ল লক্ষীপুৰ, উদাৰবন্ধ, বৰাখলা, কাটিগড়া, শিলচৰ, সোণাই আৰু নাৰ্চিংপুৰ । ধলাই বিধানসভা সমষ্টিক বিলুপ্তি ঘটাই তাৰ স্থানত নাৰ্ছিংপুৰ সমষ্টি গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ নাৰ্ছিংপুৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হ’ব ।

ABOUT THE AUTHOR

...view details