কৰিমগঞ্জ,১৩ মাৰ্চ: প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে কৰিমগঞ্জৰ পাথাৰকান্দিৰ কংগ্ৰেছৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ কৰ্মীসকল । শনিবাৰে ক্ষুব্ধ কৰ্মীয়ে জ্বলাই দিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ, জিতেন্দ্ৰ সিঙৰ বেনাৰ । পাথাৰকান্দি মুণ্ডমালা চাৰিআলিত শনিবাৰে কংগ্ৰেছৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ কৰ্মীসকলে কংগ্ৰেছ নেতাসকলৰ প্ৰতিচ্ছবি সম্বলিত বেনাৰসমূহ ফালি-গচকি ক্ষোভ উজাৰে ।
উল্লেখ্য যে, মহাজোঁট গঠনৰ পিছৰে পৰা কংগ্ৰেছ-এআইইউডিএফৰ গৃহ কন্দলৰ অন্ত নপৰা হৈছে । তেওঁলোকে মনে বিচৰা প্ৰাৰ্থীক টিকট প্ৰদান নকৰাৰ বাবে দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে পাথাৰকান্দি সমষ্টিৰ কৰ্মীসকল । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰতাপ সিনহাক প্ৰাৰ্থিত্ব প্ৰদান নকৰাত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীসকলে । উল্লেখ্য যে, বহু জল্পনা-কল্পনাৰ অন্তত বুধবাৰে নিশা কংগ্ৰেছে ঘোষণা কৰিছিল প্ৰাৰ্থী তালিকা ।