কৰিমগঞ্জ, অক্টোবৰ 12 :আকৰ্ষণীয় হৈ উঠিছে কৰিমগঞ্জৰ 1 নং ৰাতাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ ৷ শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছ উভয়ে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত তুমুল নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ বিধানসভাৰ উপ-নিৰ্বাচনত 1 নং ৰাতাবাৰী সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে বিজয় মালাকাৰে ৷ আনহাতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতাত নামিছে কেশৱ প্ৰসাদ ৰজক ৷ দুয়োদলৰ প্ৰাৰ্থীয়েই ভোটাৰক আকৰ্ষণ কৰাত উঠি পৰি লাগিছে ৷
ৰাতাবাৰীত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মুক্ত আলিংগন - সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ
নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিমগঞ্জত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে মুখামুখি হয় বিজয় মালাকাৰ আৰু কেশৱ প্ৰসাদ ৰজক ৷ দুয়োগৰাকী নেতাই হাঁহি মুখেৰে কৰমৰ্দন কৰাৰ লগতে উভয়ে উভয়ক শুভেচ্ছা জনায় ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় সাংবাদিকৰ কেমেৰাত ৷

পিচে, নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিমগঞ্জত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে মুখামুখি হয় বিজয় মালাকাৰ আৰু কেশৱ প্ৰসাদ ৰজক ৷ দুয়োগৰাকী নেতাই হাঁহি মুখেৰে কৰমৰ্দন কৰাৰ লগতে উভয়ে উভয়ক শুভেচ্ছা জনায় ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় সাংবাদিকৰ কেমেৰাত ৷ সাধাৰণতে নিৰ্বাচনৰ সময়ত প্ৰায়েই নিৰ্বাচনী হিংসাৰ বাতৰি পোৱা যায় যদিও, ৰাতাবাৰীত দুই নেতাৰ এই সাদৰ সম্ভাষণে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে ৷
এই ব্যতিক্ৰমী ক্ষণৰ সাক্ষী হৈ ৰয় প্ৰাক্তন মন্ত্ৰী অজিত সিং, লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালা, কৰিমগঞ্জৰ বিজেপি দলৰ সাংসদ কৃপানাথ মাল্লা, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্যসহ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য ।