কৰিমগঞ্জ,22 ছেপ্তেম্বৰ: ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ আহ্বানত ৰূপায়ন হোৱা 12 ঘন্টীয়া বন্ধক কেন্দ্ৰ কৰি সোমবাৰে ত্ৰিপুৰাৰ কৈলাশহৰত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘটিত হয় প্ৰচণ্ড সংঘৰ্ষ ৷ এই সংঘৰ্ষত লাঠী, ইটা আৰু বটলৰ আক্ৰমণত আহত হয় 12 জনকৈ ব্যক্তি । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠী চাৰ্জ কৰিবলৈ বাধ্য হয় আৰক্ষী।
ত্ৰিপুৰাত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত তুমুল সংঘৰ্ষ - Conflict between BJP and Congress workers at Tripura
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠী চাৰ্জ কৰিবলৈ বাধ্য হয় আৰক্ষী।
![ত্ৰিপুৰাত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত তুমুল সংঘৰ্ষ Conflict between BJP and Congress workers at Tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8889179-thumbnail-3x2-p1.jpg)
বন্ধক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘৰ্ষ
বন্ধক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘৰ্ষ
উল্লেখযোগ্য যে,বিজেপি দলে কৰ'ণা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এই 12 ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল কংগ্ৰেছ দলে ৷
লগতে পঢ়কঃবিশ্ব গঁড় দিৱস ২০২০