অসম

assam

By

Published : Apr 2, 2021, 9:00 AM IST

Updated : Apr 2, 2021, 11:01 AM IST

ETV Bharat / state

কৰিমগঞ্জৰ কানিশাইলত বিজেপি বিধায়কৰ বাহনত ইভিএম উদ্ধাৰক লৈ উত্তেজনা

কৰিমগঞ্জৰ কানিশাইলত এখন বলেৰ’ বাহনত ইভিএম মেচিন উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা ৷ কৰিম

কানিশাইলত এখন বলেৰ’ বাহনত উদ্ধাৰ ইভিএম মেচিন
কানিশাইলত এখন বলেৰ’ বাহনত উদ্ধাৰ ইভিএম মেচিন

কৰিমগঞ্জ, 2এপ্ৰিল:বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি 39টা সমষ্টিৰ বহু স্থানত সৃষ্টি হয় কিছু অপ্ৰীতিকৰ পৰিস্থিতি ৷ নিশা কৰিমগঞ্জৰ কানিশাইলতো সৃষ্টি হয় ব্যাপক উত্তেজনা । প্ৰাপ্ত তথ্য অনুসৰি, এখন বলেৰ’ বাহনৰ পৰা উদ্ধাৰ হয় ইভিএম মেচিন ৷ উক্ত গাড়ীখন পাথাৰকান্দিৰ বিধায়ক কৃষ্ঞেন্দু পালৰ বুলি অভিযোগ উত্তাপন কৰিছে স্থানীয় ৰাইজে ৷

নিশাই স্থানীয় ৰাইজে গাড়ীসহ আটক কৰে গাড়ী চালক গৰাকীকো ৷ ইয়াকে লৈ নিশাই প্ৰতিবাদমুখৰ হৈ পৰিল কৰিমগঞ্জ জিলা ৷ ৰাইজে ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

কানিশাইলত এখন বলেৰ’ বাহনত উদ্ধাৰ ইভিএম মেচিন

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে ৷ ঘটনাস্থলীত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠি চার্জ কৰাৰো পৰিলক্ষিত হয় ৷

ইফালে কৰিমগঞ্জৰ কানিশাইলত বিজেপি বিধায়কৰ গাড়ীত ই ভি এম মেচিন উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও টুইটযুগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে, ‘প্ৰত্যেক বাৰে নিৰ্বাচনৰ সময়ত ব্যক্তিগত বাহনত এনেদৰে ই ভি এম মেচিন ধৰা পৰে ৷ আশ্বৰ্যজনক ভাৱে এই সকলো ঘটনাতে এটা কথাৰ মিল দেখা যায় যে এই বাহনসমূহ কোনোবা বিজেপি প্ৰাৰ্থীৰ আত্মীয়ৰেই হয় ৷

লগতে পঢ়ক:হাগ্ৰামাই এতিয়া কেৱল আজমলকহে ভাল পায়: হিমন্ত বিশ্ব শৰ্মা

Last Updated : Apr 2, 2021, 11:01 AM IST

ABOUT THE AUTHOR

...view details