কৰিমগঞ্জ, 11 জানুৱাৰী: কৰিমগঞ্জ থানাত গোচৰ দিবলৈ আহি ওলোটা আৰক্ষীৰ অত্যাচাৰৰ বলি হ'ল কৰিমগঞ্জৰ এগৰাকী মহিলা । অভিযোগকাৰিৰ ভাষ্যত খেলিমেলি পায় আৰক্ষীয়ে গুৰুলাগুৰুকৈ প্ৰহাৰ কৰে এটা পৰিয়ালক । দৰাচলতে ভূক্তভোগীৰ ভাষ্য অনুসৰি তিনিদিন পূৰ্বে উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ দক্ষিণ মানিককোনা গাঁৱৰ এগৰাকী মহিলায় তেওঁৰ বিবাহিত কন্যাক স্বামীৰ ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ অভিযোগ উত্থাপিত কৰি কৰিমগঞ্জ সদৰ থানাত গোচৰ কৰে । ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে পৰিয়ালটোৰ ভাষ্যত কিছু খেলিমেলি পায়। পৰবৰ্তী সময়ত সাক্ষী দিয়াৰ নামত অভিযোগকাৰী মহিলাগৰাকীক সদৰ থানাত মাতি আনি মহিলাগৰাকীৰ লগতে স্বামী আৰু 16 বছৰীয়া সন্তানক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে।
দেহৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত মহিলাগৰাকী বৰ্তমানে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন । পৰিয়ালটোৱে নিজেই তেওঁলোকৰ কন্যাক লুকুৱাই কৰি ৰখাৰ সন্দেহত কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে এনে অত্যাচাৰ চলায় বুলি চিকিৎসালয়ৰ বিছনাৰ পৰাই জানিবলৈ দিয়ে মহিলাগাৰকীয়ে । ইয়াৰোপৰি, উক্ত ঘটনাটো পোহৰলৈ আহিব বুলি আৰক্ষীয়ে গাঁৱৰ অন্য মানুহকো ঘটনাটোৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়া বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে ৷