দক্ষিণ কৰিমগঞ্জ, 20 জুলাই : দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ পৰিয়ালৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ ৷ চৰকাৰী মাটিত ড্ৰেইন আৰু দেৱাল নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই ক্ষেত্ৰত বাধা প্ৰদান কৰিলে বিধায়কৰ পৰিয়ালৰ ভাবুকিৰ সন্মুখীন হ’ব লগীয়া হোৱা বুলিও উল্লেখ কৰে একাংশ স্থানীয় লোকে । আনহাতে, বিধায়কৰ পৰিয়ালৰ মতে এই মাটি তেখেতৰ নিজৰ । এই ঘটনাক কেন্দ্ৰ কৰিয়েই দীৰ্ঘদিন ধৰি বিধায়ক আৰু ৰাইজৰ মাজত অব্যাহত আছে সংঘাত ৷
কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল, দুৰ্নীতিৰ অভিযোগ - আজিজ আহমেদ খান
আজিজ আহমেদ খানৰ পৰিয়ালৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ ৷ বিধায়কৰ পৰিয়ালৰ মতে এই মাটি তেখেতৰ নিজৰ । আনহাতে, জে এন্ড জে নামৰ এটা নিৰ্মানকাৰী কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ ৷ নিৰ্মাণকাৰ্য পৰিদৰ্শন গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ ৷
![কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল, দুৰ্নীতিৰ অভিযোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3894242-thumbnail-3x2-h.jpg)
কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল - দুৰ্নীতিৰ অভিযোগ
কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল - দুৰ্নীতিৰ অভিযোগ
আনহাতে, সমষ্টিটোৰ অন্তৰ্গত নিলামবজাৰ কেউটকোনা পথ নিৰ্মাণত বিয়াগোম বিসংগতি সংঘটিত হোৱাৰ অভিযোগ । জে এন্ড জে নামৰ এটা নিৰ্মানকাৰী কোম্পানীয়ে নিম্নমানৰ সামগ্ৰীৰে পথটোৰ নিৰ্মাণৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আজি পথটোৰ নিৰ্মাণকাৰ্যৰ মানদণ্ড পৰিদৰ্শন কৰিবলৈ আহিল কৰিমগঞ্জৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা ছামেদ আলী । ৰাইজে অভিযন্তাৰ সম্মুখতে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷