অসম

assam

ETV Bharat / state

কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা - বাংলাদেশ

চৰকাৰী কৰ ফাঁকি দি একাংশ কাষ্ট'ম বিষয়াৰ মিতিৰালিৰে প্ৰতিদিনেই কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে শ শ কয়লা ভৰ্তি ট্ৰাক । আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰি সীমান্ত অতিক্ৰম কৰি বাংলাদেশলৈ পঠিওৱা হৈছে মেঘালয়ৰ কয়লা ।

কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা

By

Published : Apr 6, 2019, 11:11 AM IST

কৰিমগঞ্জ,6 এপ্ৰিল : বৰাকজুৰি অব্যাহত আছে কয়লাৰ ক'লা ছিণ্ডিকেট । কাছাৰত কয়লা ছিণ্ডিকেট অব্যাহত থকাৰ সমান্তৰালকৈ কৰিমগঞ্জতো চলিছে ক'লা হীৰাৰ আন এক ছিণ্ডিকেট । প্ৰতি নিশাই মেঘালয় সীমান্ত অতিক্ৰম কৰি মালিডহৰ হৈ কৰিমগঞ্জত প্ৰৱেশ কৰে শ শ কয়লা কঢ়িওৱা ট্ৰাক ।

চৰকাৰী কৰ ফাঁকি দি একাংশ কাষ্ট'ম বিষয়াৰ মিতিৰালিৰে প্ৰতিদিনেই কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে শ শ ভৰ্তি ট্ৰাক । আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰি সীমান্ত অতিক্ৰম কৰি বাংলাদেশলৈ পঠিওৱা হৈছে মেঘালয়ৰ কয়লা ।

কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা

আনহাতে, কৰিমগঞ্জ আৰু কাছাৰৰ বিজেপিৰ একাংশ নেতাৰ জৰিয়তে এই সমগ্ৰ ছিণ্ডিকেট দিছপুৰৰ পৰা চলি থকাৰ অভিযোগ উত্থাপন কৰে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । কেৱল এয়াই নহয়, সাহস থাকিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত চি বি আই তদন্ত কৰি দেখুৱাবৰ বাবেও হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details