কৰিমগঞ্জ,8 অক্টোবৰ: বৰাকত আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে কয়লাৰ ব্যৱসায় ৷ এই ব্যৱসায়ক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল কয়লাৰ ছিণ্ডিকেট ৷ অৱশেষত এই ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল কৰিমগঞ্জ আমদানি-ৰপ্তানি সংস্থাৰ ব্যৱসায়ীসকল ৷ বিগত প্ৰায় চাৰি বছৰে বৰাকৰ পৰা চলি আহিছিল এই ছিণ্ডিকেট ৷ প্ৰাপ্ত তথ্য অনুসৰি, 1985 চনৰ পৰা মেঘালয়ৰ কয়লা কৰিমগঞ্জৰ সূতাৰকান্দি শুল্ক বন্দৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰিছিল এই ব্যৱসায়ীসকলে ৷ কিন্তু বিজেপি চৰকাৰে শাসনভাৰ চম্ভালাৰ পিছৰে পৰা এই ব্যৱসায়ত ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ীসকলে ৷ সেয়ে পূৰ্বৰ পথৰ বিপৰীতে সূতাৰকান্দিৰ শুল্ক বন্দৰ হৈ বাংলাদেশৰ পৰা ৰাজ্যলৈ কয়লা আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰে ব্যৱসায়ীসকলে ৷ পৰৱৰ্তী দুই-তিনিদিনৰ ভিতৰতে এই কয়লা পৰিবহণকাৰী বাহন আহি ৰাজ্যত প্ৰৱেশ কৰিব ৷ উল্লেখ্য যে, এইবেলি পোনপ্ৰথমবাৰৰ বাবে বাংলাদেশৰ পৰা অসমলৈ আমদানি কৰা হ’ব ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু দক্ষিণ আফ্ৰিকাৰ কয়লা ৷
বাংলাদেশৰ পৰা ৰাজ্যলৈ আমদানি কয়লা
1985 চনৰ পৰা মেঘালয়ৰ কয়লা কৰিমগঞ্জৰ সূতাৰকান্দি শুল্ক বন্দৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰিছিল ব্যৱসায়ীসকলে ৷ কিন্তু বিজেপি চৰকাৰে শাসনভাৰ চম্ভালাৰ পিছৰে পৰা এই ব্যৱসায়ত ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ীসকলে ৷ সেয়ে পূৰ্বৰ পথৰ বিপৰীতে সূতাৰকান্দিৰ শুল্ক বন্দৰ হৈ বাংলাদেশৰ পৰা ৰাজ্যলৈ কয়লা আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰে ব্যৱসায়ীসকলে ৷
সংস্থাটোৰ সভাপতি অমৰেশ ৰায়ে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কয় যে, বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ছিণ্ডিকেটৰাজ আৰু একাংশ মধ্যভোগীৰ বাবে সলনি কৰিবলগীয়া হৈছে বন্দৰ ৷ মেঘালয়ৰ পৰা অহা প্ৰতি টন কয়লাৰ দাম হৈছে 3,200 টকা আৰু ইয়াৰ পৰিবহণৰ বাবদ মধ্যভোগীসকলক দিব লাগে 8,200 টকা ৷ অৰ্থাৎ মেঘালয়ত এক টন কয়লাৰ দাম প্ৰায় হয়গৈ 11,200 টকা ৷ মেঘালয়ৰ পৰা দিঘৰখাল গেটেৰে এক ট্ৰাক কয়লা আনিবলৈ হ'লে মধ্যভোগীক দিব লাগে প্ৰায় 1,64,000 নগদ ধন ৷ ইয়াৰ পৰিৱৰ্তে বাংলাদেশৰ পৰা কয়লা আমদানি কৰিলে সকলো ব্যয়ৰ বিনিময়ত এক টন কয়লাৰ মূল্য হয় 7,000 টকা ৷ এনে অৱস্থাত মেঘালয়ৰ পৰা কয়লা ৰপ্তানি কৰাৰ পৰিৱৰ্তে বাংলাদেশৰ পৰা আমদানি কৰি সুলভ মূল্যত বৰাক উপত্যকাসহ পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিব পাৰিব ব্যৱসায়ীসকলে ৷
লগতে চাওকঃবঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ