অসম

assam

By

Published : Sep 16, 2020, 7:43 PM IST

ETV Bharat / state

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতিৰ মৃত্যুত শোকপ্ৰকাশ মুখ্যমন্ত্ৰীৰ

কৰিমগঞ্জৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ৰতিন্দ্র ভট্টাচাৰ্যৰ মৃত্যু ৷ মৃত্যুৰ সময়ত ব্যক্তিগৰাকীৰ বয়স হৈছিল 72 বছৰ ৷ ভট্টাচাৰ্যৰ মৃত্যুত টুইটাৰযোগে শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে ।

CM shows condolence at death of district president of BJP karimganj assam etv bharat news
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কৰিমগঞ্জ,16 ছেপ্তেম্বৰ: কৰিমগঞ্জৰ বিশিষ্ট সমাজকৰ্মী তথা জিলা বিজেপিৰ প্রাক্তন সভাপতি ৰতিন্দ্র ভট্টাচাৰ্যৰ বুধবাৰে মৃত্যু ঘটে ৷ ভট্টাচাৰ্যৰ মৃত্যুত টুইটাৰযোগে শোকপ্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে । উল্লেখ্য যে,দুবাৰকৈ জিলা সভাপতিৰ পদত অধিষ্ঠিত আছিল মৃত ভট্টাচাৰ্য ৷ বুধবাৰে পুৱা প্ৰায় 7 বজাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বৰ্ষীয়ান সমাজকৰ্মী তথা ৰাজনীতিকে ৷ মৃত্যুৰ সময়ত ব্যক্তিগৰাকীৰ বয়স হৈছিল 72 বছৰ ৷

ABOUT THE AUTHOR

...view details