অসম

assam

কৰিমগঞ্জত দুৰ্গা পূজা উপলক্ষে দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ

By

Published : Oct 6, 2019, 4:27 AM IST

বাৰইগ্ৰাম মেইন ৰোডৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ প্ৰশংসনীয় পদক্ষেপ ৷

কৰিমগঞ্জত দুৰ্গা পূজা উপলক্ষে দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ

কৰিমগঞ্জ, 5 অক্টোবৰ:ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গোসৱৰ সময় ৷ ব্ৰক্ষ্মপুত্ৰৰ পৰা বৰাকলৈ এতিয়া দেৱী দুৰ্গাৰ আগমনে ধনী-দুখীয়া নিমিত্তে সকলোৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ সাধাৰণতে দুৰ্গা পূজা বুলিলে নিজ সন্তানক এযোৰ নতুন পোছাক উপহাৰ দিবলৈ সকলো অভিভাৱকেই বিচাৰে যদিও আর্থিক দৈন্যতাৰ বাবে বহু সংখ্যকেই অসমর্থ হৈ ৰয় ৷ বৰাকৰ কৰিমগঞ্জত শাৰদীয় দুৰ্গোসৱৰ মাজতে সেইসকল দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিবলৈ পূর্বৰ দৰে এইবাৰো আগুৱাই আহিল চহৰখনৰ বাৰইগ্ৰাম মেইন ৰোডৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ কৰ্মকৰ্তা সকল ৷

শনিবাৰে মহাসপ্তমীৰ দিনটোত বাৰইগ্ৰাম মেইন ৰোড সাৰ্বজনীন পূজা কমিটিয়ে অঞ্চলটোৰ পঞ্চাশটাকৈ দৰিদ্ৰ পৰিয়ালক উপহাৰ দিয়ে পূজাৰ বাবে নতুন কাপোৰ ৷ শাৰদীয় দুৰ্গোসৱৰ উৎসৱমুখৰ পৰিৱেশৰ মাজত বাৰইগ্ৰাম পূজা কমিটিৰ এই পদক্ষেপত সন্তোষ প্ৰকাশ কৰিছে বাৰইগ্ৰাম অঞ্চলৰ স্থানীয় ৰাইজে ৷ পূজা কমিটিৰ প্ৰতি ৰাইজৰ আহব্বান এইদৰেই অব্যাহত ৰাখক মানৱতাৰ সেৱা ৷

কৰিমগঞ্জত দুৰ্গা পূজা উপলক্ষে দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ

ABOUT THE AUTHOR

...view details