ত্ৰিপুৰা, 22 আগষ্টঃপ্ৰচীণ যুগত গুৰুকুলত গছৰ তলত পাঠদান দিয়া হৈছিল ছাত্ৰ ছাত্ৰী সকলক । কিন্তু কৰ'ণাৰ পৰিপ্ৰেক্ষিতত আধুনিক যুগতো গছৰ তলতে পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ চৰকাৰে ৷ ৰাজ্যখনৰ শিক্ষা বিভাগে গছৰ তলত আৰম্ভ কৰিছে পাঠদান প্ৰক্ৰিয়া।
লগতে পঢ়কঃমাতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ
দৰাচলতে, মহামাৰীৰ সময়ছোৱাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিক্ষা বিভাগ । কৰ'ণাৰ ভয়ত বিগত বহু মাহ ধৰি অনিৰ্দিষ্ট সময়ৰ বাবে বন্ধ আছে দেশৰ বিদ্যালয়সমূহ । ফলত পঢ়া-শুনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । অনলাইন যোগে শিক্ষা ব্যৱস্থা অব্যাহত আছে যদিও, স্মাৰ্ট ফোনৰ অভাৱত অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল ।
ত্ৰিপুৰাত গছৰ তলত শিক্ষাদানৰ অধিসূচনা জাৰি সেয়ে ত্ৰিপুৰা চৰকাৰৰ শিক্ষা বিভাগে সম্প্ৰতি প্ৰত্যেক অঞ্চলত সকলো নীতি-নিয়ম মানি অন্তত পাঁচজনকৈ ছাত্ৰ-ছাত্ৰীক গছৰ তলত শিক্ষাদানৰ এক অধিসূচনা জাৰি কৰিছে । এই প্ৰক্ৰিয়া কেৱল ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰযোজ্য হব । আনহাতে, নতুন পদ্ধতিৰ এই পাঠদান প্ৰক্ৰিয়াৰ তদাৰক কৰিছে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ।