কৰিমগঞ্জ,19 মাৰ্চঃকৰিমগঞ্জত ৰে'ল বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ড । কায়স্থগ্ৰাম ৰে'ল গেটত শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন আৰু এখন ডি আই ট্ৰাকৰ মাজত সংঘৰ্ষ ।কথমপি প্ৰাণ ৰক্ষা চালক সহ দুজন যাত্ৰীৰ । ঘটনাত গুৰুতৰভাৱে আহত হয় ডি আই ট্ৰাকৰ দুজন যাত্ৰী। ট্ৰেইনৰ খুন্দাত বিধ্বস্ত হোৱা ডি আই ট্ৰাকৰ নম্বৰ হৈছে AS-10C-3020 ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে,ট্ৰেইন অহাৰ সময়ত গেটমেনে বন্ধ কৰা নাছিল ক্ৰছিং'ৰ গেট। সেইসময়ত গেট মেন হিচাপে দায়িত্বত আছিল উমেশ বনিক । ঘটনাৰ পিছত উত্তেজিত ৰাইজে অৱৰোধ কৰিলে অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ। অৱশেষত ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । আৰক্ষীৰ উপস্থিতত ট্ৰেইন সহ অৱৰোধ মুক্ত হয় ৰাষ্ট্ৰীয় ঘাইপথ ।
শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন আৰু এখন ডি আই ট্ৰাকৰ মাজত সংঘৰ্ষ - ৰে'ল বিভাগৰ গাফিলতি
ৰে'ল বিভাগৰ গাফিলতিৰ বাবে কৰিমগঞ্জত সংঘটিত হয় এক দুৰ্ঘটনা ৷ কায়স্থগ্ৰাম ৰে'ল গেটত শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন আৰু এখন ডি আই ট্ৰাকৰ মাজত সংঘৰ্ষ ।
শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন আৰু এখন ডি আই ট্ৰাকৰ মাজত সংঘৰ্ষ
শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন আৰু এখন ডি আই ট্ৰাকৰ মাজত সংঘৰ্ষ
লগতে পঢ়কঃ কাছাৰত বাৰ লাখ টকা মূল্যৰ অবৈধ গাঞ্জা জব্দ