অসম

assam

ETV Bharat / state

ভাৰত বাংলাদেশ সীমান্তত কৰিমগঞ্জ বিএছএফৰ 'চিভিক একছন'

সীমান্ত অঞ্চলত চোৰাং বেহা, নিচামুক্তি, অবৈধ প্ৰবজন সহ আন আন অসামজিক কামকাজ বন্ধ কৰাৰ লক্ষ্যৰে সীমা সুৰক্ষা বাহিনীৰ এই পদক্ষেপ ৷

By

Published : Nov 27, 2019, 11:01 PM IST

Karimganj border
সীমান্তত কৰিমগঞ্জ বিএছএফৰ 'চিভিক একছন'

কৰিমগঞ্জ , 27 নৱেম্বৰঃ বুধবাৰে ভাৰত বাংলাদেশ সীমান্তত কৰিমগঞ্জৰ সীমা সুৰক্ষা বাহিনীয়ে 'চিভিক একছন' অনুষ্ঠানৰ আয়োজন কৰে । জিলাখনৰ লক্ষীবজাৰ সীমা চৌকি এলেকাত বিএছএফৰ 7 নং বেটেলিয়নে এই অনুষ্ঠানৰ আয়োজন কৰে ।

সীমান্তত কৰিমগঞ্জ বিএছএফৰ 'চিভিক একছন'

উল্লেখ্য যে এই অনুষ্ঠানটোৰ যোগেদি সীমান্ত এলেকাৰ মুঠ 21 জন যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হয় । লগতে এই অনুষ্ঠানত ৰাইজক বিশুদ্ধ খোৱা পানীৰ বাবে ফিল্টাৰ, চিলাই মেচিন, প্লাষ্টিকৰ চকী, টেবল আদি সামগ্ৰী বিতৰণ কৰা হয় । ইয়াৰোপৰিও এই অনুষ্ঠানত সাধাৰণ লোকক বিনামুলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাই ঔষধো বিতৰণ কৰা হয় । সীমান্ত অঞ্চলত চোৰাং বেহা, নিচামুক্তি, অবৈধ প্ৰবজন সহ আন আন অসামজিক কামকাজ বন্ধ কৰাৰ লক্ষ্যৰে আৰু সকলোকে আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে সীমা সুৰক্ষা বাহিনীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details