অসম

assam

By

Published : Jun 10, 2019, 11:48 AM IST

ETV Bharat / state

কৰিমগঞ্জত বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা নাবালিকাৰ

ঘৰৰ পৰা পলায়ন কৰি কিশোৰী গৰাকীয়ে এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু আনটো নিশা নিলামবজাৰ ৰেল ষ্টেচনত অতিবাহিত কৰি দেওবাৰে দিনত নিলামবজাৰ আৰক্ষী থানাত উপস্থিত হয় ৷

কৰিমগঞ্জত বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা নাবালিকাৰ

দক্ষিণ কৰিমগঞ্জ,10 জুন :দক্ষিণ কৰিমগঞ্জত এগৰাকী নাবালিকাই নিজা প্ৰচেষ্টাৰে নিজকে বাল্য বিবাহৰ পৰা ৰক্ষা কৰে ৷ নিজ মাতৃ-পিতৃ আৰু মোমায়েকে নাবালিকা গৰাকীক বাল্য বিবাহ কৰাবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

কৰিমগঞ্জত বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা নাবালিকাৰ

কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মাৰুগাৱঁৰ এগৰাকী কিশোৰীয়ে, ত্ৰিপুৰাৰ কদমতলাত মোমায়েকৰ ঘৰত থাকি অধ্যয়ন কৰিছিল ৷ কিন্তু অভিযোগ অনুসৰি নাবালিকা গৰাকীৰ মাতৃ-পিতৃ আৰু মোমায়েকে কিশোৰী গৰাকীক বাল্য বিবাহ কৰাবলৈ চেষ্টা চলায় ৷ বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা কৰাবলৈ কিশোৰী গৰাকীয়ে মোমায়েকৰ ঘৰৰ পৰা পলায়ন কৰে ৷ ঘৰৰ পৰা পলায়ন কৰি কিশোৰী গৰাকীয়ে এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু আনটো নিশা নিলামবজাৰ ৰেল ষ্টেচনত কটাই দেওবাৰে দিনত নিলামবজাৰ আৰক্ষী থানাত উপস্থিত হয় ৷ কিশোৰী গৰাকী থানাত উপস্থিত হোৱাত নিলামবজাৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ লগত যোগাযোগ কৰে ৷ আৰু জানিব পাৰে যে, মোমায়েকে কদমতলা আৰক্ষী থানাত কিশোৰী গৰাকী নিখোজ হোৱা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছিল ৷ পৰৱৰ্তী সময়ত নিশা নিলামবজাৰ আৰক্ষীয়ে কিশোৰী গৰাকীক ত্ৰিপুৰা আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ সম্প্ৰতি ত্ৰিপুৰা আৰক্ষীয়ে বিষয়টোৰ ওপৰত চোৱাচিতা কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, কিশোৰী গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল আৰু বৰ্তমান তেওঁ উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ৷

ABOUT THE AUTHOR

...view details