অসম

assam

By

Published : Dec 8, 2019, 11:30 PM IST

ETV Bharat / state

কৰিমগঞ্জত ফাদিল শিশু ধৰ্ষণকাণ্ড

কৰিমগঞ্জত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ ধনৰ বিনিময়ত ধৰ্ষিতাৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা ৷

Child rape case exposed at Karimganj
কৰিমগঞ্জত ফাদিল শিশু ধৰ্ষণকাণ্ড

কৰিমগঞ্জ,8 ডিচেম্বৰঃ হায়দৰাবাদ সংঘটিত ধৰ্ষণকাণ্ডৰ সময়তে কৰিমগঞ্জতো সংঘটিত হৈছিল এক ধৰ্ষণকাণ্ড । যোৱা ২৯ নৱেম্বৰ তাৰিখে কৰিমগঞ্জ চহৰৰ নিলগত কানিশাইলত সংঘটিত হৈছিল তিনি বছৰীয়া শিশু কন্যাক ধৰ্ষণৰ নাৰকীয় কাণ্ড । কিন্তু তেতিয়াৰ পৰাই ঘটনাক গাপ দিয়াত তৎপৰ হৈ উঠিছিল এটা অসামাজিক চক্ৰ । প্ৰাপ্ত তথ্যনুসৰি মাতৃয়ে শিশুটিক চিকিৎসালয়ত লৈ অহাত শিশুটিৰ অৱস্থা গুৰুত্বৰ দেখি চিকিৎসকে শল্য বিভাগত ভৰ্তি কৰায় । কিন্তু ৰাতি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত ৰহস্যজনকভাৱে ঢল পুৱাতেই উধাও হৈ যায় মাতৃসহ ভুক্তভোগী শিশু কন্যাটি । কৰিমগঞ্জৰ কাণিশাইলত আব্দুল মান্নান নামৰ এগৰাকী প্ৰতিপত্তিশালী ব্যৱসায়ীৰ একে অট্টালিকাৰ বেলেগ বেলগ কোঠাত ভাড়াতীয়া হিচাবে আছিল অভিযুক্ত ইমৰান আলী ওৰফে ফাৰুক মিঞাৰ পৰিৱাল আৰু নিৰ্যাতিতা শিশু কন্যাটিৰ পৰিয়ালবৰ্গ । 29 তাৰিখে সন্ধিয়া শিশুটিক ঘৰত ৰাখি মহিলাগৰাকী ওলাই গৈছিল । ঠিক এঘন্টামান পাছত আহি দেখে কন্যাগৰাকীৰ গাত বিভিন্ন ঠাইত আঘাত চিন আৰু তেজ নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰে । মাতৃগৰাকীয়ে কন্যাগৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অনাত জৰুৰীকালীন সেৱাত থকা চিকিৎসকে তৎকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰাই দিয়ে ।

কৰিমগঞ্জত ফাদিল শিশু ধৰ্ষণকাণ্ড

ইফালে ৰহস্যজনকভাৱে ভৰ্তি হোৱাৰ 24 ঘণ্টা পাৰ নৌহওঁতেই পুৱাৰ পূৰ্বে মহিলাগৰাকীয়ে শিশুটিকলৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰে ৷ ইয়াতে এটা কথা প্ৰায় স্পষ্ট, মহিলাগাৰকিয়ে নিশ্চয়কৈ কোনো হেঁচাৰ আগৰ আগত নতি স্বীকাৰ কৰিবলগীয়া হৈছে ।

উক্ত ঘটনাক লৈ কৰিমগঞ্জত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আৰু পঢ়ক মৃত্যুৰ পূৰ্বে অজ্ঞাত ব্যক্তিৰ সম্বন্ধীয় ভাতৃলৈ ফোন

ABOUT THE AUTHOR

...view details