কৰিমগঞ্জ, 29 ডিচেম্বৰ :কৰিমগঞ্জত বাল্য বিবাহৰ ঘটনা ৷ যিটো সময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, বাল্য বিবাহৰে জৰিত শ শ লোকক আটক কৰিছে সেই সময়তে কৰিমগঞ্জত সংঘটিত হ’ল বাল্য বিবাহৰ দৰে এক ঘটনা ৷ অৱশ্যে প্ৰশাসনৰ হস্তক্ষেপত উদ্ধাৰ কৰা হয় ভুক্তভোগীক ৷
উত্তৰ কৰিমগঞ্জৰ সীমান্তৱৰ্তী দক্ষিণ লাফাশ্বাইলত সংঘটিত হয় এই বাল্য বিবাহৰ ঘটনা ৷ শিশু কল্যাণ সংস্থা আৰু আৰক্ষীয়ে ভুক্তভোগী নাবালিকা গৰাকীক বিবাহগৃহৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীৰ অহাৰ উমান পাই নাবালিকাক বিবাহ কৰিবলৈ অহা দৰাই পলায়ন কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
শিশু সুৰক্ষা সংস্থা আৰু কৰিমগঞ্জ আৰক্ষীয়ে গোপনে লাভ কৰা খবৰৰ ভিত্তিত বিবাহস্থলীত উপস্থিত হৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰে ৷ জানিব পৰা মতে, কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ দক্ষিণ লাফাশ্বাইল গাঁৱত বৃহস্পতিবাৰে এগৰাকী নাবালিকাৰ বিয়াৰ দিন ধাৰ্য কৰা হৈছিল ৷ এই খবৰ পোৱাৰ পিছতে জিলা শিশু কল্যাণ সংস্থাৰ বিষয়াসকলে ততাতৈয়াকৈ আৰক্ষীৰ সৈতে অবৈধ বাল্যবিবাহ ৰোধ কৰিবলৈ সেই স্থানত উপস্থিত হয় ৷