কৰিমগঞ্জ, 18 জুন :বানৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে ভূমিস্খলনৰ প্ৰকোপ ৷ ঠায়ে ঠায়ে বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা (Landslide in several Areas) ৷ এইবাৰ বদৰপুৰত ভূমিস্খলনৰ ফলত মৃত্যু হামিদ বেগম নামৰ এটি শিশুৰ ( Child died due to landslide in Badarpur) । নিহত শিশুটি বদৰপুৰ সমষ্টিৰ মনসাঙন গাঁও পঞ্চায়তৰ ধলফা গাঁৱৰ জমিল আহমেদৰ কন্যা হামিদ বেগম বুলি জানিব পৰা গৈছে । পোৱা ৫ বজাত হোৱা ভূমিস্খলনৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।
বৰাক উপত্যকাত প্ৰতিখন নৈ তথা উপ-নৈ বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈ আছে (Rivers from Barak are following over danger level)। কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ এঙলাবজাৰ এলেকাত কেইবাটাও ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । সমান্তৰালকৈ আদৰকোনা, এঙলাবজাৰ, বড়গোল, হাৰিকুঢ়ি, মনসাঙন এলেকাৰ বহু লোকৰ ঘৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।