অসম

assam

By

Published : Oct 4, 2020, 10:40 PM IST

ETV Bharat / state

লংগাই নৈত উদ্ধাৰ কণমানিৰ মৃতদেহ

বিগত 24 ঘন্টাযোৰা লংগাই নৈত পিছলি পৰি সন্ধানহীন হৈ থকা এটি কনমাণি দেওবাৰে উদ্ধাৰ হয় ৷ দেওবাৰে অভিযান চলাই ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ তেগৰি গাঁৱত মৃতদেহ উদ্ধাৰ কৰে কণমানি গৰাকীৰ ৷

লংগাই নৈত উদ্ধাৰ কণমানিৰ মৃতদেহ

কৰিমগঞ্জ, 3 অক্টোবৰ :বিগত 24 ঘন্টাযোৰা লংগাই নৈত পিছলি পৰি সন্ধানহীন হৈ থকা এটি কণমানি দেওবাৰে উদ্ধাৰ হয় ৷ দেওবাৰে অভিযান চলাই ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ তেগৰি গাওঁত মৃতদেহ উদ্ধাৰ কৰে কণমানি গৰাকীৰ ৷ পাথাৰকা‌ন্দি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে । উল্লখ্য যে, কৰিমগঞ্জৰ কানাইবজাৰ পঞ্চায়তৰ বাহাদুৰপুৰ গাঁৱত শনিবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনা । নৈত সন্ধানহীন হোৱা শিশুটিৰ নাম জন্নতা ফেৰদৌছ । নবছৰীয়া শিশুটি নৈৰ খাখত খেল থাকোতে নৈত পৰি সন্ধানহীন হয় ।

শনিবাৰে দিনৰ প্ৰায় 12.30 বজাত এই ঘটনা সংঘটিত হোৱাৰ পাচতেই স্থানীয় লোক নামি পৰিছিল উদ্ধাৰ অভিযানত । বহু সময় ধৰি নৈত বিচাৰি নাপাই অৱশেষত আৰক্ষী থানাত খবৰ দিয়া হয় । ঘটনাস্থলীত আৰক্ষীৰ লগত SDRF বাহিনীৰ লোক অভিযানত নামি পৰে । কিন্তু ঘন্টাৰ পিছত ঘন্টা ধৰি বিফল হোৱাৰ পাচত সন্ধিয়া সাময়িক ভাৱে SDRF এ অভিযান বন্ধ কৰি দিয়ে । ইপিনে দেওবাৰে উদ্ধাৰ হয় উদ্ধাৰ হয় কণমানি গৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক :নিৰ্দোষীক আটকক লৈ বৰখলা আৰক্ষী চকীত উত্তেজনা

ABOUT THE AUTHOR

...view details