অসম

assam

বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

By

Published : Mar 30, 2021, 4:09 PM IST

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অংশ ল'লে ৰাজ্যৰ 1 নং সমষ্টি ৰাতাবাৰীৰ এখন প্ৰচাৰ সভাত ৷ সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

1 নম্বৰ সমষ্টিৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে
1 নম্বৰ সমষ্টিৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

কৰিমগঞ্জ,30 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অংশ ল'লে ৰাজ্যৰ 1 নং সমষ্টি ৰাতাবাৰীৰ এখন প্ৰচাৰ সভাত ৷ সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসম-মিজোৰাম সীমান্তৰ চেৰাগীত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যত এতিয়া আগৰ পৰিৱেশ নাই ৷ ৰাজ্যত এতিয়া শান্তি লাগে, উন্নয়ন লাগে ৷ চৌদিশে এতিয়া শান্তি বিৰাজমান ৷

প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাই প্ৰশংসাত পঞ্চমুখ হৈ পৰা মুখ্যমন্ত্ৰী সোণোৱালে কয়, উপ-নিৰ্বাচনত জয়ী হোৱা বিজয় মালাকাৰে অতি কম সময়তে ৰাতাবাৰীৰ বাবে যথেষ্ঠখিনি উন্নয়ন কৰাৰ লগতে বিজেপিয়ে সকলো জনগোষ্ঠীৰ বাবে সমানে উন্নয়ন কৰিছে ৷

উল্লেখ্য যে, উন্নয়নৰ খতিয়ান দাঙি ধৰি ভাষণ প্ৰসংগত সোণোৱালে কয়, অৰুণোদয় আঁচনিৰ জৰিয়তে পূৰ্বে 830 টকা দিয়া হৈছিল ৷ এইবেলি চৰকাৰ আহিলে মহিলাসকলৰ বাবে তিনি হাজাৰকৈ টকা দিয়া হ'ব ৷ বৰাক উপত্যকাত মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজৰ কাম-কাজ ইতিমধ্যে পূৰ্ণগতিত কৰি থকা হৈছে ৷ গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমানে সমানে বৰাকো আগুৱাই যাব ৷

ইফালে, কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক সমালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কংগ্ৰেছে প্ৰতাৰণাৰ ৰাজনীতি কৰিছে ৷ কংগ্ৰেছে কথা দি কথা নাৰাখে ৷ বদৰুদ্দিন আজমলে কেতিয়াও অসম বচাব নোৱাৰে ৷ একমাত্ৰ বিজেপিয়ে অসমক বচাব পাৰিব ৷


লগতে পঢ়ক:অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নিৰ্বাচনী সজাগতা সভা

ABOUT THE AUTHOR

...view details