কৰিমগঞ্জ, 4 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিব আৰু গৃহ বিভাগৰ বিষয়াসকলক বৰাক উপত্যকাৰ কয়লা কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰাৰ পাছতে বৃহস্পতিবাৰে কৰিমগঞ্জত উপস্থিত হয় CBIৰ দল ৷ বিগত দুদিন ধৰি কয়লা কেলংকাৰী সন্দৰ্ভত অভিযান চলাই দলটোৱে ৷ ইয়াৰ পাছত শুকুৰবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাৰ পৰা কয়লা কেলেংকাৰীৰ সকলো তথ্যসহ কেছ ডায়েৰী চমজি লয় CBI য়ে ৷
বৰাকৰ ক'লা হীৰা কেলেংকাৰীঃ কৰিমগঞ্জত উপস্থিত চিবিআইৰ দল
বৰ্তমানেও কিন্তু পলাতক অৱস্থাত আছে কৰিমগঞ্জৰ কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ ৷ তথ্য অনুসৰি,ভুৱা চালান আৰু নথি-পত্ৰ ব্যৱহাৰ কৰি বাংলাদেশলৈ কয়লা ৰপ্তানী কৰাৰ অভিযোগত বৰাক উপত্যকাৰ কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদৰ বিৰুদ্ধে 647/2018 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল ৷
লগতে পঢ়কঃউইকেণ্ড লক ডাউনত স্তব্ধ নগাঁও চহৰৰ জনজীৱন
উল্লেখ্য যে, বৰ্তমানেও কিন্তু পলাতক অৱস্থাত আছে কৰিমগঞ্জৰ কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ ৷ তথ্য অনুসৰি, ভুৱা চালান আৰু নথি-পত্ৰ ব্যৱহাৰ কৰি বাংলাদেশলৈ কয়লা ৰপ্তানী কৰাৰ অভিযোগতবৰাক উপত্যকাৰ কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদৰ বিৰুদ্ধে 647/2018 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আব্দুল আহাদক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে যদিও এমাহ পাছত জামিন লাভ কৰি জেলৰ পৰা ওলাই আহে কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ ৷ জেলৰ পৰা ওলাই আত্মগোপন কৰে আব্দুল আহাদে ৷ আনহাতে,কয়লা কেলংকাৰীত অন্য লোকক জগৰীয়া কৰি পলাতক অৱস্থাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ওলোটা গোচৰ তৰে আব্দুল আহাদে ৷