কৰিমগঞ্জ, 20 আগষ্ট: ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৷ উজনিৰ পৰা নামনিলৈ, চোৰৰ দপদপনি অব্যাহত থকাৰ মাজতে এইবাৰ বৰাকত দেখা গৈছে গৰু চোৰৰ উপদ্ৰব ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰত এইবাৰৰ গৰু চোৰে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কৰিমগঞ্জ এতিয়া এক প্ৰকাৰ চোৰাং গৰু ব্যৱসায়ৰ ৰমৰমীয়া ঘাটিলে ৰূপান্তৰিত হৈছে ৷
এতিয়া ৰাজ্যত খেতি পথাৰৰ ভৰপক সময় ৷ কৃষক সকল ব্যস্ত পথাৰত কৃষি কৰ্ম কৰাত ৷ কিন্তু পথাৰত কৃষক সকলৰ ব্যস্ততাৰ সুযোগ লৈ সক্ৰিয় হৈ পৰিছে গৰু চোৰ ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষক সকল ৷ উল্লেখযোগ্য যে, বিগত দুদিন পূৰ্ৱে গৰু চুৰি ঘটনাক কেন্দ্ৰকৰি এগৰাকী বিজেপি কৰ্মীক কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰাক লৈ প্ৰতিবাদত উত্তাল হৈ পৰা বদৰপুৰ ৷
লগতে পঢ়কঃ বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ