অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক - কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক

কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ বেলতলা নামৰ স্থানৰ পৰা ৰাইজে জব্দ কৰে গৰু ভৰ্তি দুখনকৈ ট্ৰাক । লগতে আটক কৰে চালকসহ তিনিজন গৰু সৰবৰাহকাৰীক ৷

কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক
কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক

By

Published : Jun 11, 2021, 10:09 AM IST

কৰিমগঞ্জ, 11 জুন : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ এইবাৰ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ বেলতলাৰ পৰা ৰাইজে জব্দ কৰে গৰু ভৰ্তি দুখনকৈ ট্ৰাক ।

কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক

উল্লেখ্য যে, বুধবাৰে কাজিৰঙাত চোৰাং গৰু সৰবৰাহ বন্ধৰ বাবে কঠোৰ ভাষাৰে সকিয়নী দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়া হৈছে যে, কোনো এখন জিলাৰ মাজেৰে পাৰ হ’ব নোৱাৰিব গৰু কঢ়িওৱা ট্ৰাক ।

কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক

ঠিক তেনে সময়তে বুধবাৰ বিয়লি ভাগত ৰামকৃষ্ণ নগৰৰ পৰা স্থানীয় ৰাইজে আটক কৰে গৰু কঢ়িয়াই লৈ যোৱা AS 10 AC 3110 আৰু AS 10 AC 4112 দুখনকৈ মিনি ট্ৰাক । ট্ৰাক দুইখনত আছিল মুঠ আঠটা গৰু । ৰাইজে সন্দেহৱশত গৰুভৰ্তি বাহন দুখন জব্দ কৰে ৷ লগতে স্থানীৰ ৰাইজৰ সহযোগত আটক কৰে ট্ৰাক দুখনৰ চালকসহ তিনিজন গৰু সৰবৰাহকাৰীক ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰামকৃষ্ণ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা প্ৰায় প্ৰতি নিশা গোহালিৰ পৰা চোৰ হৈ আহিছে গৰু, ম’হ আদিকে ধৰি বিভিন্ন পোহনীয়া জীৱ-জন্তু । এই সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে অভিযান ৷

লগতে পঢ়ক:ধুবুৰীত ক’ভিড ডিউটিৰ নাম ফলক লগোৱা বাহনত জব্দ ড্ৰাগছ

ABOUT THE AUTHOR

...view details