অসম

assam

By

Published : Feb 16, 2021, 2:14 PM IST

ETV Bharat / state

কৰিমগঞ্জত আৰক্ষীয়ে বন্ধ কৰিলে গৰুৰ বজাৰ

উত্তৰ কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষী থানাৰ অধীনৰ গান্ধাই গৰুৰ বজাৰ বন্ধ কৰিলে প্ৰশাসনে । বাংলাদেশ সীমান্তৰ পৰা মাত্ৰ ৫ কিল’মিটাৰ দুৰত্বত অৱস্থিত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ গান্ধাই বজাৰত গৰুৰ বেচা-কিনা দীৰ্ঘদিনৰ পৰি চলি আহিছিল ।

কৰিমগঞ্জত আৰক্ষীয়ে বন্ধ কৰিলে গৰুৰ বজাৰ
কৰিমগঞ্জত আৰক্ষীয়ে বন্ধ কৰিলে গৰুৰ বজাৰ

কৰিমগঞ্জ,১৬ ফেব্ৰুৱাৰী: অবৈধ গৰু সৰবৰাহৰ ক্ষেত্ৰত এইবাৰ কঠোৰ হৈছে উচ্চতম ন্যায়ালয় । উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি সীমান্তৰ পৰা ২০ কিল’মিটাৰ দূৰত্বৰ ভিতৰত থাকিব নোৱাৰিব কোনো গৰুৰ বজাৰ । এই নিৰ্দেশনা অনুসৰি মঙলবাৰে উত্তৰ কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষী থানাৰ অধীনৰ গান্ধাই গৰুৰ বজাৰ বন্ধ কৰিলে প্ৰশাসনে । নিলাম বজাৰ চক্ৰ বিষয়া ওয়াদিউল ইছলাম আৰু আৰক্ষী বিষয়া আনোৱাৰ হুছেইন চৌধুৰীয়ে বজাৰখনত উপস্থিত হৈ গৰুৰ বজাৰ খন বন্ধ কৰাৰ আহ্বান জনায় ।

উল্লেখ্য যে, বাংলাদেশ সীমান্তৰ পৰা মাত্ৰ ৫ কিল’মিটাৰ দুৰত্বত অৱস্থিত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ গান্ধাই বজাৰত দীৰ্ঘদিনৰ পৰা চলি আহিছিল গৰুৰ বেচা-কিনা । কিন্তু আৰক্ষীয়ে বজাৰখন বন্ধ কৰি দিয়াত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।

লগতে পঢ়ক:ডিমাপুৰত দিবা-নৈশ বেডমিণ্টন প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details