কৰিমগঞ্জত বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মীৰ প্ৰতিবাদ
কৰিমগঞ্জ জিলাৰ বিক্ৰীকৰ বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে চাকৰি নিয়মীয়া কৰাৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ
কৰিমগঞ্জ, 24 জুলাইঃ বিক্ৰীকৰ বিভাগত কৰ্মৰত হৈ থকা অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত কৰিমগঞ্জ জিলাত প্ৰতিবাদ ৷ বিগত পোন্ধৰ বছৰে বিভাগটোত কৰ্মৰত হৈ থকা বহুসংখ্যক কৰ্মচাৰীয়ে তেঁওলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে ৷ কৰিমগঞ্জ জিলাৰ চুড়াইবাৰীস্থিত পুৰনি বিক্ৰীকৰ বিভাগৰ কাৰ্যালয় চৌহদত এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলে তেঁওলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে শীঘ্ৰেই ৰাজ্যিক কাৰ্যালয়টো প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰকাশ কৰে ৷