কৰিমগঞ্জ, 28 আগষ্ট: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰসহ 8 গৰাকী চিপিআইএমৰ নেতাৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীয়ে ৰুজু কৰিছে জামিন বিহীন গোচৰ ৷
উল্লেখ্য যে, কৰ‘ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ সভা, সমিতি অথবা জনসমাগম কৰাত নিষেদ্ধাজ্ঞা জাৰি কৰিছিল ৷ কিন্তু সেই নিৰ্দেশনাক অৱমাননা কৰি 26 আগষ্টত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত চিপিআইএমৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে কৰ্মী-সমৰ্থকক লগত লৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছিল ৷