কৰিমগঞ্জ,13 অক্টোবৰ:কৰিমগঞ্জ আৰক্ষীৰ কবলত পৰিছে গাড়ী চোৰ চক্ৰৰ লগত জড়িত তিনি ব্যক্তি ৷ চালকক হত্যা কৰি গাড়ী চুৰি কৰি আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰক বিক্ৰী কৰাৰ উদ্দেশ্যে তিনি ব্যক্তিয়ে পৰিকল্পনা যুগুত কৰিছিল যদিও এজন যুৱকৰ প্ৰচেষ্টাৰ বাবে সেয়া ব্যৰ্থ হয় ৷ অৱশেষত এই চক্ৰটোৰ লগত জড়িত তিনিজন ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষী ৷
চহৰখনৰ মাজমজিয়াৰ চেটেলমেণ্ট এলেকাস্থিত বুৰহান উদ্দিন নামৰ এগৰাকী ৰাজমিস্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, এমাহ পূৰ্বে পাথাৰকান্দি থানাৰ অন্তৰ্গত কেউটি গাঁৱৰ জাকিৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে কাম কৰিছিল মিস্ত্ৰীগৰাকীৰ সৈতে ৷ বিগত কিছুদিন পূৰ্বে মিস্ত্ৰীগৰাকীৰ হাতত কাম নথকাত কোনো সম্পৰ্ক নাছিল জাকিৰৰ লগত ৷ ইয়াৰ পিছত হঠাতে ফোনযোগে জাকিৰে ব্যক্তিগৰাকীক এখন বাহন বিক্ৰী কৰাৰ বিষয়ে খবৰ দিয়ে ৷ জাকিৰৰ কথাত বুৰহান উদ্দিনৰ সন্দেহ ওপজে ৷ পৰৱৰ্তী সময়ত জাকিৰে আন ব্যক্তিৰ সৈতে লগলাগি আগৰতলাত ৰাজ মিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত এখন ৱেগনাৰ গাড়ী (টিআৰ 01 এক্স 0556) পাঁচ হেজাৰ টকাত ভাড়া কৰি আগৰতলাৰ পৰা কৰিমগঞ্জ অভিমুখে ৰাওনা হৈছিল ।