অসম

assam

By

Published : Aug 4, 2020, 10:49 PM IST

ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ জালত গাড়ীচোৰ চক্ৰ

মংগলবাৰে গাড়ী চোৰ চক্ৰৰ ছজনকৈ সদস্যক আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে । লগতে এখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাড়ী চোৰৰ জিম্মাৰ পৰা ।

Car lifter arrested in Karimganj
Car lifter arrested in Karimganj

কৰিমগঞ্জ, 4 আগষ্ট : কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ মংগলবাৰে গাড়ী চোৰ চক্ৰৰ ছজনকৈ সদস্যক আটক কৰে আৰক্ষীয়ে । লগতে এখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাড়ী চোৰৰ জিম্মাৰ পৰা । উল্লেখ্য যে, যোৱা কেইমাহৰ পৰা কৰিমগঞ্জৰ বদৰপুৰ চহৰত ইটোৰ পিচত সিটো চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে । সম্প্ৰতি লক ডাউনৰ সুযোগ লৈ বদৰপুৰ চহৰত 10 খন গাড়ীৰ লগতে 15 খন দোকানত চুৰি হয় ।

গাড়ী চোৰৰ পৰা জব্দ বাইক

তাৰ পাচত বদৰপুৰ আৰক্ষীয়ে অভিযান চলায় মংগলবাৰে কৰিমগঞ্জৰ বিভিন্ন ঠাইৰ পৰা ছটা চোৰক আটক কৰে । উদ্ধাৰ হোৱা বাইক খন বদৰপুৰৰ নিজাম উদ্দিনৰ বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি চোৰৰ লগতে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে । তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ পৰা কিছু তথ্য গোপনে ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :শিক্ষা বিভাগ আৰু গড়-কাপ্তানি বিভাগৰ বিৰুদ্ধে ঠায়ে ঠায়ে আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details