অসম

assam

ETV Bharat / state

ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ - অবৈধ গাঞ্জা খেতি

ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত কৰা অবৈধ ভাং খেতি উচ্ছেদ কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে । অত্যন্ত দুৰ্গম অঞ্চলত গোপনে কৰা এই অবৈধ ভাং খেতি স্থানীয় প্ৰশাসনে উচ্ছেদ চলাই মঙলবাৰে ৷

ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ
ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ

By

Published : Nov 11, 2020, 10:35 AM IST

কৰিমগঞ্জ, 11 নৱেম্বৰঃত্ৰিপুৰাৰ মালিকছড়া অঞ্চলত একাংশ অসাধু লোকে গোপনে বহু বিঘা ভূমিত কৰা অবৈধ ভাং খেতিৰ কথা পোহৰলৈ অহাৰ পিচত মঙলবাৰে স্থানীয় প্ৰশাসনে উচ্ছেদ চলাই ৷ আৰক্ষীয়ে এক গোপন সূত্ৰৰ জড়িয়তে লাভ কৰা খবৰৰ ভিত্তিত মানিকছড়া অঞ্চলত অবৈধ ভাং খেতিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই কেবাবিঘা মাটিত কৰা অবৈধ গাঞ্জা খেতি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷

ত্ৰিপুৰা আৰক্ষীৰ দলে ভাং খেতি নষ্ট কৰাৰ মূহুৰ্তত

মানিকছড়া আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে।অৱশ্যে এই ঘটনাত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল মানিকছড়া আৰক্ষী ৷ আৰক্ষী যোৱাৰ পূৰ্বেই ভাং খেতি কৰা লোক সকলে পলায়ন কৰে ৷ পিচত আৰক্ষীৰ দলে ভাঙৰ গছ সমূহ কাটি পেলোৱাৰ লগতে জুই জ্বলাই নষ্ট কৰে ৷

ভাং খেতি উচ্ছেদ কৰি থকা এটা দৃশ্য


লগতে চাওকঃ বিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details