অসম

assam

ETV Bharat / state

জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ ১০০ বছৰ উপলক্ষে কৰিমগঞ্জত জোঁৰ সমদল - candle-rally

শনিবাৰে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ ১০০ বছৰ উপলক্ষে কৰিমগঞ্জত এক জনসভা আৰু জোঁৰ সমদলৰ আয়োজন কৰা হয় ৷

কৰিমগঞ্জত জোঁৰ সমদল

By

Published : Apr 13, 2019, 11:39 PM IST

কৰিমগঞ্জ,13এপ্ৰিল: শনিবাৰে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ ১০০ বছৰ পূৰ্তি উপলক্ষে শ্বহীদক সোৱৰণ কৰি কৰিমগঞ্জত এক জনসভা আৰু জোঁৰ সমদলৰ আয়োজন কৰা হয় । ভাৰতীয় ইতিহাস সংকলন সমিতিৰ কৰিমগঞ্জ জিলা শাখাৰ উদ্যোগত চহৰৰ ষ্টেচন ৰোডত এক জনসভা অনুষ্ঠিত কৰে । এই সভাতে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ দিনটোৰ কথা সোঁৱৰণ কৰি সকলোৱে মত বিনিময় কৰে ।

কৰিমগঞ্জত জোঁৰ সমদল

ইয়াৰ পাচতে এক জোঁৰ সমদলৰ আয়োজন কৰা হয় ৷ এই জোঁৰ সমদলত অঞ্চলটোৰ বহুলোকে অংশ গ্ৰহণ কৰে । হাতে হাতে মমবাতি লৈ কৰিমগঞ্জ চহৰৰ বিভিন্ন ৰাজপথ পৰিভ্ৰমণ কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সদস্যৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজে ।

ABOUT THE AUTHOR

...view details