কৰিমগঞ্জ ,1 এপ্ৰিলঃকৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত SCRT ৰ অধীনত অনুষ্ঠিত হয় ডিএল এড পৰীক্ষা ৷ একাংশ শিক্ষকে শিক্ষকৰ যোগ্যতা নিৰ্ধাৰণকাৰী টেট পৰীক্ষাত বহিবলৈ দিছে এই ডি এল এড পৰীক্ষা । কিন্তু একাংশ দুষ্ট চক্ৰই মোতা অংকৰ ধনৰ বিনিময়ত পৰীক্ষাতমুকলিকৈঅসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷অভিযোগ অনুসৰি হোৱাটছএপ যোগে পৰীক্ষাৰ্থীক যোগান ধৰা হয় ডিএল এডপৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ ৷ সাংবাদিকৰ কেমেৰাত বন্দী হ'লডিএল এড পৰীক্ষাৰ নকলৰ সকলো দৃশ্য ।
কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত অনুষ্ঠিত ডিএল এড পৰীক্ষাত নকল পৰীক্ষাৰ্থীৰ - candidates caught cheating
পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন লৈ পৰীক্ষাৰ্থীয়ে দিছে পৰীক্ষাঃ হোৱাটছএপ যোগে পৰীক্ষাৰ্থীক যোগান ধৰা হয় উত্তৰ
ডিএল এদ পৰীক্ষাত নকলৰ বজাৰ
তথ্য অনুসৰি এই পৰীক্ষা কেন্দ্ৰটোতসেইসকল লোকক বহোৱা হয় যি সকল লোকে নকল কৰিবলৈ সুবিধা দিয়াৰ বাবত টকা দিয়ে । আৰু এই তথ্যৰ ভিত্তিত সংবাদ মাধ্যমে কেন্দ্ৰটোত এক অভিযান চলাই কেমেৰাত বন্দী কৰেনকলৰ সকলো দৃশ্য ৷ দৃশ্য সমূহ চাওঁক, কিদৰে স্মাৰ্ট পৰীক্ষাৰ্থীয়ে স্মাৰ্ট ফোনৰ জৰিয়তে প্ৰশ্নৰ উত্তৰ লিখিছে ৷ এতিয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত চেন্টাৰৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হে লক্ষণীয় হ'ব ৷
Last Updated : Apr 1, 2019, 12:07 PM IST