কৰিমগঞ্জ,26জানুৱাৰী :শনিবাৰে নিশা বদৰপুৰত উত্তাল পৰিৱেশৰ সৃষ্টি কৰি তোলে কা সমৰ্থনকাৰীসকলে ৷ কা আমাক লাগিবই বুলি বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি অনুষ্ঠিত কৰে এখন সভাৰ ৷ সভাত উপস্থিত থাকে বৰাকৰ দুই সাংসদ ৰাজদ্বীপ ৰায় আৰু কৃপানাথ মাল্লা, অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য্য ৷
কা সমৰ্থনত উত্তাল বদৰপুৰ - বৰাকৰ দুই সাংসদ ৰাজদ্বীপ ৰায় আৰু কৃপানাথ মাল্লা
বদৰপুৰত কা সমৰ্থনকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ ৷ সমৰ্থনকাৰীসকলে কা লাগিবই বুলি উল্লেখ কৰি অনুষ্ঠিত কৰে এখন সভা ৷
![কা সমৰ্থনত উত্তাল বদৰপুৰ CAA SUPPORT PROGRAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5849589-thumbnail-3x2-caa.jpg)
কা সমৰ্থনত উত্তাল বদৰপুৰ
অন্য এক খবৰৰ বাবে : অসম সম্পৰ্কে বিতৰ্কিত মন্তব্যঃ শ্বাৰজীল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ
সভাত উপস্থিত থকা লোকসকলে কংগ্ৰেছক কঠোৰ ভাৱে সমালোচনা কৰে ৷ শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায় কয়, কংগ্ৰেছ দলে কেতিয়াও বিদেশী সমস্যা সমাধান কৰিব নোৱাৰে ৷ বিজেপি চৰকাৰে অনা এই আইনখন সন্দৰ্ভত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৰাইজৰ আগত ভুল ধাৰণা দাঙি ধৰি অসমৰ ৰাইজক মূৰ্খ সজাব বিচাৰিছে ৷