ধিং, 27 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই'কা' বিৰোধী প্ৰতিবাদেৰে উত্তাল হৈ পৰে ধিং সমষ্টিৰ বাটমাৰী জাতীয় বিদ্যালয় । শিক্ষামন্ত্রী ড' হিমন্ত বিশ্ব শর্মাই 'কা' বিৰোধী আন্দোলনৰ পৰা শিক্ষক সমাজক বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো অব্যাহত আছে শিক্ষক সমাজৰ নাগৰিকত্ব সংশোধনীৰ আইনৰ বিৰুদ্ধে প্ৰতিবাদ । শুকুৰবাৰে ৭১ তম গণৰাজ্য দিৱসৰ দিনা 'কা' বিৰোধী প্ৰতিবাদত ওলাই আহিল ধিং সমষ্টিৰ বাটমাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্রী আৰু ছাত্ৰ ছাত্ৰীসকল ৷ গণতন্ত্ৰ দিৱসৰ দিনাই গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্যক্তিগত খণ্ডৰ বাটমাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয় প্ৰাংগনৰ পৰা উলিওৱা 'কা' বিৰোধী প্ৰতিবাদী সমদল পদব্ৰজে সমগ্ৰ বাটমাৰী অঞ্চল পৰিভ্ৰমণ কৰে ৷
সমান্তৰালকৈ গণৰাজ্য দিৱসৰ দিনাই প্ৰতিবাদমুখী হৈ পৰিল আমগুৰি। শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AAJYCP) সমিতিয়ে ৰূপায়ণ কৰা CAA বিৰোধী প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সৰৱ হৈ পৰে প্ৰতিবাদকাৰী ৷ ইয়াৰোপৰি আমগুৰিৰ চামগুৰিত মানৱশৃংখল কাৰ্যসূচীৰে শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ মানৱশৃংখল কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদীয়ে দমন নীতি , সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল,মানস কোঁৱৰক মুক্তি দিয়া দাবী জনায় ৷